পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম আশিস প্রেম-চাকি ‘প্রেম, প্রেম’, বুলি হিয়াখনি ঢালি হিয়াৰৰ হিয়াত, প্রাণৰাে প্ৰাণত, কই গল কাণে কাণে ; তুলিলেহি খলকনি ; নুবুজিলোঁ মই প্রেমৰ মহিমা, নুবুজি বুজিলোঁ, সংসাৰ দেখিলোঁ প্রেমে কি মােহনী জানে। প্রেম-ঘঁয়াময়া মাথোঁ ; পাছে হৃদয়ৰ স্তৰে স্তুৰে সেই সেইহে এতিয়া সকলাে পাহৰি মউ-সনা সোঁৱৰণি প্রেম-চাকিটিকে গাঁথাে। দিঠকনে কিনাে এটি লক্ষ্য লই এখুজি-দুখুজি কই লাগিছিল এনে হেন গইছিলোঁ কেনিবা ওলাই ; গােলাপৰ পাহি যেন অকলশৰীয়া প্রাণে’গইছিলাে নিৰজনে, ফুলি আছে পথাৰৰ চুকে ; কল্পনাহে সাৰথি-সহায়। নীলিম গগনখনি, সূৰুষৰ জিলিঙনি, নিজান পথাৰ পাই হিয়া-তলি উদঙাই পাহৰিছে যেন সকলােকে গালোঁ এটি প্রণয়ৰ সুৰ ; | মন্ত্রাধীন সর্প হােৱা, এছাটি মলয়াবাই প্রাণ-মন শীতলাই ভেলেঙীৰ দৰে চোৱা, হৃদয়ত দিলে ঢালি জুৰ। দেখে সেই মায়া-পুতলাটি পথাৰৰ এচুকত ঠিয় হই নিজানত এৰিলোঁ গানৰ তান, কোন সিটি ৰই অকলই, ভাবৰ অমিয়া পান, দেবী গােসানীৰ দৰে হিয়া-ভৰা কৰুণাৰে মােৰাে সেই হ’ল একে গতি। চাই আছে মােৰ ফাললই? ইমূৰে সিমূৰে হায়, ইটিয়ে সিটিক চাই হিয়াৰ আবেগ ফুটি কৰিছে মুখনি অতি থৰ হলোঁ দুইটি পৰাণী জ্বলি থকা তৰাৰ দীপিতি ; হেপাহ চকুৰে চায়, সৰস প্রাণৰ হাঁহি বিৰিঙে মুখত আহি, তথাপি যে মাত নাই, বৰষিছে প্রাণত তৃপিতি। এৱেঁইনে বন-বিহাৰিণী? ২৪