পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আজি কাৰ হেঁপাহৰ কণিকা
জ্বলে প্রাণত তপ্ত মণিকা
আজি কিবা অনুনয় বিনয়ে
আহি হৃদয়-দেৱতা হৃদয়ে
ল’লা বাঞ্ছিত ভকতি-থাপনা
ই যে কত জনমৰ সাধনা
আজি অর্পিছোঁ হিয়াৰ সৱ ভৰষা
আহা কাৰ বা অতীত বিহবতৰা
উঠে কঁপি কঁপি যেন পনে
কিবা ছায়াময়া আজি গগনে
কত অতীতৰ স্মৃতি বুটলি
উঠে ভবিষ্যৰ গীত উতলি

   

আজি বৰ্ষাৰ অনন্ত বাজনা
কাৰ হৃদয়ৰ লুপ্ত বেদনা-
ধন্য মানিছোঁ জীৱনাত,
আহা কাৰ বা অতীত বিৰহ বতৰা
পাতি হিয়াৰ আঁচল যতনে
মাতোঁ বহাঁহি ভুবনবতনে
আজি বিস্ফোৰিত তৱ মহিমা
পূৰে নীলিমা বিয়াপি গৰিমা ;
আহা সার্থক জনম, জননী
শুনাে গভীৰ ৰাগিনী বাহিনী-
লােৱাঁ সঁপিছোঁ হিয়াৰ ভকতি-ভৰষা;
আহা আজি যে গহীন গভীৰ বৰষা।

আজি হিয়াভৰাহেঁপাহে,
আজি চকু-ভৰা চেনেহে,
আজি পৰাণ-পৰাগৰাগ সানি,
দিছোঁ ভক্তি-পদ্ম-পাহি আনি;
লােৱাঁ হৃদয়-প্রীতি নিঘিণি।
পূর্ণ অর্ঘ্য লােৱাঁ হে।
আজি নাচে শিৰে শিৰে ৰঙ্গে

   

কিবা প্রেম-প্রবাহ প্রতি অঙ্গে,
কাৰ মধুময় নিশাহে
পূর্ণ বায়ু মহানন্দে?
আজি-পুলকে মিলিত ভ্রাতৃবৃন্দ,
গাঁথে-মলয়ে মিলন-ছন্দ ;
শুনাবাজিছে হৃদয়-শঙ্খ,
আজি উদাৰ গীতি ধৰাঁ হে।

তৰুণ পদ-তলে ৰাখাঁ হে সখা হে
বিৰহ-ডাৱৰ ঠেলি দিয়াঁচোঁ দেখা হে।
তপন-উদয়ে তিমিৰ যেনে লয়,
দর্শনে তযু মােৰাে আঁতৰে চিন্ত-ভয-
গুচোৱাঁ মােহ-মায়া, গুচোৱাঁ মৰু-ছাঁয়া

   

দেখুৱাঁ নিজ কায়া,করুণা-হিয়া হে।
সৃষ্টিৰ মােহন-বেণু বাজিছে পঞ্চম সুৰে,
উদাস প্রণয়-গানে কল্পনা-পখিলা উৰে;
বন-বিহঙ্গ-দলে নাচে আকাশ-তলে,
মন-ভ্ৰমৰ গুঞ্জে বিশ্বৰ সুৰে হে।