পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মুখাৰ মুখ


পলে পলে আৱৰে
অচিন সুৰবোৰে
অযুত কোলাহল আদৰে
এক অচিন অনুভূতি গঢ়ে
চিনাকি হৈয়ো অচিনাকি নিজৰ স’তে
অস্তিত্ব হেৰুৱাওঁ নিজৰ মুখাপিন্ধা মানুহৰ স’তে
হাবাথুৰি খাওঁ আজি নিজকে বিচাৰি
অট্টহাস্য কৰি ক্ৰমাৎ গ্ৰাস কৰে
সেই অচিন সুৰবোৰে
হেৰাই যাওঁ মই কদৰ্য গহ্বৰত
অস্তিত্ব মোৰ মোহাৰি পেলায়
মোৰ নিষ্ঠুৰ হাত দুখনিয়ে
অসহায় মই আজি
উদ্ধাৰ কৰোঁতা কোনো নাই
সেই অচিন সুৰবোৰে মোক ধ্বংস কৰি পেলায়॥

এখন উমাল চাদৰ/৩১