বহিবলৈ মোক ৰেষ্টুৰেণ্টখনলৈকে মাতিছিল! হঠাতে তাই গুচি গ'ল কিয়? তাই
মানসিকভাৱে অস্থিৰ হৈ আছে নেকি? ক’তা? দেখাততো তাই বেচ শান্ত, উচ্ছল
আৰু হাঁহিমুখেই আছে! ফোনৰনাম্বাৰটোও নিদিলে...। যমুনাই খোজ আগবঢ়ালে।
খোজকাঢ়ি যাওঁতে তাই কলেজত বৰ্ণালীৰে স’তে কটোৱা সময়বোৰলৈ মনত
পেলালে। সাংঘাতিক ধৰণে আৱেগিক আৰু ৰোমাণ্টিক মনৰ আছিল তাই। তাইৰ
বাবে প্ৰেমেই জীয়াই থকাৰ মূল কথা। আন্তৰিক আৰু সহযোগিতাপূৰ্ণ প্ৰেম নহ'লে
সংসাৰ নিটিকে।
—এই বুজিছা, মই যেতিয়া বিয়া কৰাম, মানুহজনক যে ইম্মান মৰম
কৰিম, তেওঁ যি কয় তাকেই কৰিম আৰু তেওঁ বিচৰাধৰণেৰেই মই সকলো দিম....।
—তুমি দিবা, আৰু তোমাক? তোমাক যদি ‘গোৰ’ দিয়ে? এই ধৰা,
তুমি তেওঁক বৰ মৰম লাগি চুমা এটা খালা আৰু তেওঁ যদি তোমাক কিয় চুমা
খাবা’ বুলি চৰ এটা মাৰে?
—ধেইত্! কি যে অসভ্য তুমি! তেনেকৈ কৈ মোৰ সপোন ভাঙি
নিদিব। আৰু জানা, মৰম কৰিলে বন্য জন্তুও পোহনীয়া হয়। এই যমুনা, তুমি
সঁচাকৈয়ে কোৱাচোন, যাৰ লগত মোৰ বিয়া হ’ব তেওঁ বাৰু মোক পৃথিৱীৰ
আটাইবোৰ আলফুলীয়া মৰম দিবনে? খুব মৰম কৰিবনে অ’? সৰু ছোৱালীক
কৰাৰ দৰে মৰম, বন্ধুৰ দৰে মিত্ৰতা আৰু বাপেকৰ দৰে শাসন...
—আৰু পতিৰ দৰে পতিগিৰি... হিঃ হিঃকৈ হাঁহি যমুনাই তাইৰ কোলাত
মূৰ থৈ কোনোবা অনামী পতিদেৱৰ সপোন দেখি থকা বৰ্ণালীৰ চুলিকোছা ঘটালি
হাঁহি উঠিছিল। বৰ্ণালীয়ে তাইলৈ ঘোপাকৈ চাই কালো কান্দো হৈছিল। সিহঁত
দুয়োৰে মাজৰ পাৰ্থক্যও আছিল এইকণেই। বৰ্ণালীয়ে বাস্তৱৰ কঠোৰতা দেখিও
যেন নেদেখা হৈ সদায় সপোনৰ কাৰেং সাজি থাকে আৰু যমুনাই সদায় কল্পনাৰ
ৰাজ্যতো বাস্তৱৰ কঠোৰতাকে দেখা পায়। অৱশ্যে তাই বৰ্ণালীৰ বন্ধুত্ব পূৰ্ণ
সঁহাৰি দিছিল। বেচেৰী বৰ্ণালীজনীয়ে কেৱল মৰম-ভালপোৱাকেই জীৱনৰ অৰ্থ
বুলি ভাবি কোনো হৃদয়ৱান, মৰমিয়াল ৰাজকুমাৰৰ সপোন দেখি আহিছে। ভগৱানে
যেন দয়ালু হৈ তাইৰ সপোন ফলিয়ায়। তাই যেন পৃথিৱীৰ সমস্ত ভালপোৱাৰ,
প্ৰেমৰ গৰাকী হয়। যমুনাই বৰ্ণালীৰ কান্দো কান্দো মুখখন দুয়ো হাতে তুলি ধৰি
গহীন হৈ কৈছিল— ধেমালি কৰিছো অ’ বৰ্ণা, কোনে বাৰু নিবিচাৰে তুমি ভবাৰ
মৰমিয়াল পতিৰ অকুণ্ঠ প্ৰেম! মই ভগৱানৰ ওচৰত মিনতি কৰিছো, তেওঁ যেন
তোমাৰ বুকু ভৰাই প্ৰেম দিয়ে, তেনে প্ৰেম দিব পৰা এজন পুৰুষ দিয়ে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৯