অজস্ৰ কথা, ফোনত। যমুনাৰ আমনি লাগিল। এই ফোনটোও যে এনে এটা
আপদীয়া বস্তু! সন্মুখতে ৰৈ অতদিনৰ পুৰণা বান্ধৱীৰ আগ্ৰহত চেচাপানী পৰিছে,
অথচ কোনে জানো কাঢ়ি নিছে বৰ্ণালীৰ মনটো তাইৰ কাষৰ পৰা? বৰ্ণালীয়ে
তাইলৈ চাই হাঁহো হাঁহো কৰি ফোনৰ সিমূৰে থকা মানুহজন নে জনীক ক'লে—
আজিলৈ এৰা আৰু মোৰ হাতত বহু পুৰণি সুকোমল হাত এখন আছে। আগতে
তাইৰ লগত কথা হওঁ। এৰিছো দেই.... বুলি বৰ্ণালীয়ে ফোনটোৰ লাইন কাটি
দিলে।
পূৰ্ণমাত্ৰাই বিৰক্ত হোৱা যমুনাৰ বৰ্ণালীৰ শেষৰ বাক্যটোৱে কিছু বিৰক্তি
কমাই আনিলে। তায়ো কিছু সহজ হৈ হাঁহিমুখ লৈ বৰ্ণালীলৈ চালে। – বাঃ তুমি
যমুনা। চিনি নাপাম কিয়? তুমিও বেচ শকত হৈছা। কতদিনৰ মূৰত দেখা...!
কিন্তু তোমাক অলপ ব’ৰ কৰিলো। এই এইমাত্ৰ ফোনত যে কথা পাতিলো। বৰ
আৰ্জেন্ট আছিল জানা। ব’লাচোন ক'ৰবাত অকণ বহোগৈ। আহা, সেই
ৰেষ্টুৰেণ্টখনলৈ যাওঁ।
— নাই নাই, আজি নালাগে। অন্য এদিন। মোৰ দেৰি হ'ব।
—দেৰি হ’ব? কিয়? তুমি ক'ৰবাত চাকৰি কৰা নেকি?
—অ’, তুমি নাজানা নহয়? মই কস্তুৰবা বালিকা বিদ্যালয়ৰ বিষয়
শিক্ষয়িত্ৰী। ৭ বছৰ মানেই হ’ল। তুমি?
—নাই নাই। মোৰ চাকৰি-বাকৰি নাই। ঘৰতে থাকো। পতি সেৱা কৰি
আজৰি পালে ফুৰো, বজাৰ কৰো, এয়াই। ছেঃ বহুদিনৰ মূৰত লগ পালো, অথচ
ক’তো অকণ বহাও নহ'ল। বাৰুপাছত কেতিয়াবা ন? যাওঁগৈ তেনেহ'লে....
—আঁ যোৱাই, আৰু ময়ো যাওঁ, কিন্তু তোমাক আকৌ ক'ত লগ পাম?
—মোক? পাম নিশ্চয়। এই একে ঠাইতে থাকে যেতিয়া নিশ্চয় লগ
পাম দেই, এই এই অট',ৰ’বা ৰ'বা—বৰ্ণালী খৰধৰকৈ গৈ অট’ত উঠিল। যমুনাৰ
কথাটো অখজা যেন লাগিল— বৰ্ণালী ৰ'বাচোন ৰ’বা, মোতকৈ এতিয়া দেখোন
তোমাৰহে লৰালৰি! তোমাৰ ফোন নাম্বাৰটো...।
—অ’ ফোন নাম্বাৰটো! পাছত বুজিছা, আজি ময়ো এঠাইলৈ লৰালৰিকৈ
যাব লাগে। মই নহ'লে তোমাৰ স্কুললৈকে আহি লগ ধৰিম। যাওঁ দেই, বাই...।
অট’খন গুচি গ'ল। খৰখেদাকৈ যমুনাও যাব লাগিছিল। যোৱা নহ'ল।
ঠাইতে ৰৈ তাই অট’খন যোৱাৰ ফালে চাই থাকিল। বৰ্ণালী কিয় গুচি গ'ল?
তাইৰতো ক'তো লৰালৰিকৈ যোৱাৰ কথা নাছিল! তাই দেখোন মোৰে স'তে
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮ • একুৰি এটা গল্প