পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অদৃশ্য শিকলিৰ বন্ধন

 বাঃ! বহুদিনৰ মূৰত দেখাদেখি! কেনে আছা? ভালনে?—অতীব আগ্ৰহত যমুনা প্ৰায় দৌৰি অহাদি আগবাঢ়ি আহি ৰাস্তাৰ ইটো পাৰে ৰৈ অটলৈ হাত জোকাৰি থকা ছোৱালীজনীৰ হাততে ধৰিলেহি। ছোৱালীজনীয়ে চিনি পোৱা নাই চাগৈ— এই তুমি চিনি পোৱা নাই মোক? মই যমুনা।

 ছোৱালীজনীয়ে চাগে মনত পেলালে, কাৰণ তাইৰ হাতৰ চেপাটোও টান হোৱা যেন যমুনাই অনুভৱ কৰিলে। কিন্তু তেনেতে ক'ৰবাত সাংগিতীক সুৰ এটা শুনা গ'ল আৰু ছোৱালীজনীৰ হাতৰ চেপাটোও শিথিল হ’ল। তাই সামান্য হাঁহি ভেনিটী বেগ খুঁচৰি ম'বাইল ফোনটো উলিয়াই কথা পতাত লাগিল। কথা আৰম্ভ কৰাৰ আগতে তাই নিৰ্বোধৰ দৰে হাঁহি এটা যমুনালৈ এৰি দি ফোনৰ মাতৰ লগত একাত্ম হৈ গ'ল।

 যমুনাৰ নিজকেহে নিৰ্বোধ যেন লাগিল। কিমান সময় বাৰু ৰৈ থাকিব ছোৱালীজনীৰ কথা শেষ হোৱালৈ! তাই হাতৰ ঘড়ীটোলৈ চালে। ৯.৫০ মিনিট। স্কুল পাবলৈ ৫ মিনিটমানৰ বাট। হায়াৰ ছেকেণ্ডাৰীত পঢ়ায় বাবে দেৰিকৈ গৈ নিজৰ ভাগৰ ক্লাছটো ঠিকমতে কৰিলেগৈয়ো হয় যদিও তাই সদায় স্কুলৰ মৰ্ণিং এছেম্বলীত উপস্থিত থকাটো বিচাৰে। তাই থাকেও। আজিহে অতদিনৰ মূৰত বাটত এই চিনাকি মুখখন দেখি তাই ক’ব নোৱৰা হৈ দৌৰি আহিল। যমুনাই ছোৱালীজনীলৈ চালে— কথা শেষ হোৱাই নাই। হয় জানো এইজনীয়েই সেই বৰ্ণালী? আগতকৈ কিছু শকত হ’ল অৱশ্যে। ছোৱালী ছোৱালী ভাবটো আছে এতিয়াও! কথাচহকী বৰ্ণালী আৰু যমুনা কলেজত পঢ়াৰ সময়খিনিত নলে-গলে লগা বন্ধু আছিল। যমুনাক দেখিলেই সদায় বৰ্ণালীয়ে—‘এ-ই যমুনা’ বুলি দৌৰি আগবাঢ়ি আহিছিল। দুয়োৱে ভালকৈ বি এ পাছ কৰাৰ পাছত কিছুদিনলৈ সিহঁতৰ ঘনিষ্ঠতা চলি আছিল যদিও পাছত ক'ব নোৱৰাকৈ দুয়োৰে মাজৰ যোগসূত্ৰ কমি আহিছিল। এটা সময়ত চিঠি আৰু ফোনেৰে লোৱা বা বাতৰিৰ সংখ্যাও কমি গৈ শেষত নাইকিয়া হৈ পৰিল। যমুনা আঁতৰি আহিল এইখন চহৰলৈ আৰু বৰ্ণালী গুচি গ'ল ব্যস্ততাপূৰ্ণ গুৱাহাটীলৈ। —‘মই যাওঁ দেই, থাকা’ বুলি হাতেৰে ছোৱালীজনীৰ গাত লাহেকৈ থপৰিয়াই যমুনা আগবাঢ়িব খোজোঁতেই ছোৱালীজনীয়ে এখন হাতেৰে তাইৰ হাতত খামুচি ধৰি ৰখাই দিলে। মুখেৰে