—খাওঁতা বাকীখিনি চপাহিয়েই নাই?
—অ’ আজি সিহঁতৰ ফাইনেল ৰিহাৰ্চেল হেনো। অলপ দেৰি হ’ব...।
—হলেও নবৌ, বিহুৰ দিনা ঘৰৰ বোৱাৰীজনী...!
তেওঁৰ কথা শেষ নহওঁতেই হৰেনে তপৰাই মাত দিলে—মইহে যাবলৈ
ক’লো বুজিছা। তাই যাবই খোজা নাছিল। কিন্তু বিহুৰ বতৰত গাভৰু ছোৱালী
দুজনী অকলে এৰাটো ঠিক নহয় বুলি ময়েই তাইক জোৰকৈ পঠিয়ালো। মাক
মাকেই। দেউতাকৰ লগত থাকিলে সি জানো মাকে ৰখাৰ দৰে নজৰ ৰাখিব?
কোৱাচোন!
হৰেনে লোকৰ মুখত বোৱাৰীয়েকৰ বিৰুদ্ধাচৰণ শুনি মুঠেও সহিব
নোৱাৰিলে।
মানুহজনে সেমেনা-সেমেনা কৰিলে। বটাৰ পৰা তামোল এখন হাতত
লৈ যাবলৈ উঠিল। মনোমতীয়ে নঙলালৈকে আগবঢ়াই দিলে। এই সুযোগতে
তাই আলি কেঁকুৰীটোত গাড়ীৰ লাইটৰ পোহৰ দেখে নেকি ডিঙি মেলি চালে।
নাই। কিমান বা দেৰি হয়?
ভিতৰত ফোনটো বাজি উঠাত তাই হৰেনক ফোন ধৰিবলৈ অনুৰোধ
জনালে। মনোমতী শেঁতা জোনাকত, সেমেকা বতাহত, চোতালতে বহি পৰিল।
কিছুবেলি পাছত হৰেনে ওলাই আহি গল হেঁকাৰি মাৰি ডিঙিটো চাফা কৰি মাত
দিলে— শুনিছনে মনো, ভাত এমুঠি বাঢ়, খাই শুই থাকো।
—ইহঁত অহালৈ নৰ'ব জানো? আজি বিহুৰ দিনা আটাইকেইজনে
দেখাদেখিকৈ এমুঠি খালেহে...।
—নালাগে বুজিছ? তয়ে ময়ে আজি দেখাদেখিকৈ খাওঁ আহ্। সিহঁতৰ দেৰি হ’ব। সিহঁতে আজি ক্লাবতে পোলাও মাংস খাই আহিব। ফোনটো দুলালেই ধৰিছিল। আহ্ বাঢ়হি ভাত... হৰেন নিস্তেজ খোজেৰে ভিতৰলৈ গ'ল। তাৰ পিছে পিছে মনোমতীও সোমাই আহিল। এতিয়াহে যেন তাইৰ গাটো বেয়া বেয়া লাগিছে। টেবুলৰ ওপৰত থকা ব্যঞ্জনৰ বাটিবোৰে যেন তাইক উপলুঙা কৰিছে। হৰেনো আহি ওচৰতে থিয় হ'ল। ওলাই আহিব খোজা চকুপানীখিনি হৰেনে দেখিব বুলি তাই দীঘল নিশ্বাস এটা টানি কাঁহী–বাটিত হাত দিলে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৬৯