গাতে লাগি থকা পুৰণি কঁঠালজোপা দুলাল কলেজত পঢ়ি থাকোঁতেই কটাই
পেলোৱা হ'ল। বাঁহ-বেত তাইৰহে নালাগে চুবুৰিটোৰ কাৰোৰে নাই।
পথাৰলৈ যাব খোজা হৰেনলৈ চাই তাই ক'লে— এইবোৰ গোটাইছে
যে, খাব জানো ইহঁতে?
—কি কৱ অ' তই? আজি বিহুৰ দিনা চৈধ্যপুৰুষৰ পৰা এইবোৰ খাই
আহিছো। এইবোৰেইতো আমাৰ কৃষ্টি! কিয় নাখাব? আৰু সিহঁত জানো বিদেশী?
আমাৰ পো-বোৱাৰীহে। হৰেন অলপ ওচৰ চাপি আহিল—মনো, তই বোৱাৰীৰ
টাউনীয়া ঢঙক বেয়া নাপাৰ্বি অ’। আজিকালি মানুহৰ চিন্তাধাৰা সলনি হ’ল নহয়!
আৰু আগৰ দৰে সিহঁতে এহাত দীঘল ওৰণি লৈ আখলতে জীৱন কটাব নোৱাৰে
অ’। তোৰ মোৰ সময় গ'ল। এতিয়া সিহঁতৰ সময়। এই নতুন সময়ৰ লগত আমি
খাপ খাব লাগিব। নহ'লে তোৰে মোৰেহে কষ্ট...।
—বুজিছো ঔ। মই সুধিছো এইবোৰ জানো সিহঁতে খাই পাইছে?
—নাই পোৱা যদি আজি খাব। তই জুতিবুধি কৰি ৰান্ধ, চাবি সিহঁতে
টকালি টকালি খাব। আৰু তোৰো দেহা পৰি আহিছে যেতিয়া লাহে লাহে
পাকে-প্ৰকাৰে বোৱাৰীকো এইবোৰ শিকাই যাব লাগিব নহয়। তেতিয়াহে আকৌ
আমাৰ নাতিনী দুজনীয়ে শিকিব পাৰিব...।
—উ...হ। মুখ ভেঙুচাই দি মনোমতীয়ে পাচিটো দাঙি ভিতৰলৈ গ'ল।
বেলি লহিয়াইছে। বহাগৰ বিহু বুলি গাঁওখনত কোনো আনন্দ-উলাহৰ
চিন নাই। কাৰোবাৰ ঘৰত মাত্ৰ টেপ ৰেকৰ্ডাৰত বিহুগীত বাজি আছে। তাৰে যেন।
উৰুঙা উৰুঙা লগা ভাবটো আৰু বেছিকৈহে ফুটি উঠিছে! মানুহবোৰ বাৰু বোবা
হ’ল নেকি? কাৰো মুখত বিহুগীত এফাকিও নাই!
বোৱাৰী ছন্দাই দুয়োজনী জীয়েকক লৈ বিহুৰ ফাইনেল ৰিহাৰ্চেললৈ
গৈছে। দুয়োজনী নাতিনীয়ে বিহু কুঁৱৰী প্ৰতিযোগিতাত নাচিব। যোৱা বিশ দিনমানৰ
পৰা সিহত স্কুলৰ পৰা আহিয়েই মাকৰ লগত বিহুৰ ৰিহাৰ্চেললৈ যায়। ওভতোতে
কেতিয়াবা বেচ ৰাতিয়েই হয়। বেছি ৰাতি হ'বৰ দিনা ছন্দাই ফোন কৰি শাহুৱেকক
ভাত ৰন্ধা কাম কিছু আগবঢ়াই থ'বলৈ কয়। মনোমতীয়ে বুজে— ‘আগবঢ়াই
থোৱা' মানে শেষ কৰি থোৱা। লেবেজান হৈ অহা নাতিনী আৰু পো-বোৱাৰীহঁতক
মনোমতীয়ে ভাত বাঢ়ি দিয়ে। কোনোদিনেই কোনো কথাতে ওজৰ-আপত্তি কৰি
নোপোৱা মনোমতী বোৱাৰীয়েকৰ ওচৰতো সদায় নম্ৰ।
তাইৰ নম্ৰতাক ছন্দাই কেনেভাৱে গ্ৰহণ কৰে সেইটো তাইৰ নিজৰ
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৬৭