হওক বা বেচৰকাৰীয়েই হওক, সকলোতে একে। তাৰ পাছত ছোৱালী ডাঙৰ হৈ
অহাৰ লগে লগে লাগিল আবুৰ। ক’ৰ পৰা গোটাব ইমান খৰচ— -যদি এইবাৰো
ছোৱালীয়েই হয়? বিয়া দিব পাৰিব? মাক-বাপেকৰ অমতত পলাই আহি বুধিনৰ
লগত থকাৰ পাছত বুধিনৰ মাক-বাপেক আহিছিল ছোৱালী চাবলৈ। দুদিনমান
থাকি শহুৰেকে কৈছিল—“আহিলি ভাল কৰিলি, বিনা খৰচে সংসাৰ আৰম্ভ হ'ল।
এতিয়া মাৰৰ ঘৰলৈ গৈ কিবা জা-যোগাৰ লৈ আহগৈ। বোৱাৰী হলেই নহ'ব
নহয়। ঘৰখন পাতি চলাই নিবলৈয়োতো জা-যোগাৰ কিছু লাগে। লগে লগে
বুধিনে প্ৰতিবাদ কৰি উঠিছিল। হয়তো দাৰিদ্ৰই পীড়ন কৰি কঠুৱা কৰা বুধিনৰ
মনৰ কৰবাত আদৰ্শবাদী শিক্ষিত ডেকাটো লুকাই আছে। সি মাক বাপেকৰ আগত
হাতযোৰ কৰি সানুনয়ে তেওঁলোকক ঘৰলৈ ঘূৰি যাবলৈ কৈ কৈছিল— ধনৰ
লালসাৰ শনিটো অন্ততঃ তাৰ মনত সুমুৱাই তাৰ বৈবাহিক জীৱনটো যেন নৰক
নকৰে।
শ্ৰদ্ধা সহকাৰে শেৱালিয়ে বুধিনক মনত ৰাখিছে। ক’ত ওলাব বুধিনৰ
দৰে সাগৰসদৃশ মনৰ অধিকাৰী মানুহ। কিন্তু বুধিনে ছোৱালীজনী জন্মৰ পাছত
কোৱা কথাটোও তাই পাহৰা নাই নহয় অ'। আজিৰ যুগত ল'ৰা পালিবলৈ
ভাল। ছোৱালী খৰচৰ বাহ। ডাঙৰ হৈ বা হয় কি? ভালে থাকিলেতো ভালেই।
অবাটে গলে? আৰু ভালে থাকিলেও জানো কম বিপদ— ল'ৰা গোটাই সংসাৰ
পাতি দিয়াৰ খৰচ! গতিকে মোক ল’ৰা লাগে। বুজিছ? লাগেতো লাগেই, ল’ৰা
...।
পেটটোৰ পৰা হাতখন আঁতৰাই শেৱালিয়ে গম ল'লে। নাই, বিষ অনুভূত
হোৱা নাই। তাই ভাতকেইটামান সিজোৱাৰ দিহা কৰিলে। টিংটোত চাউল
এপোৱামান আছে। আলুগুটি দুটামানৰে সৈতে তাকেই বহাই দিওঁ বুলি তাই
থমকি ৰ'ল। যদি বুধিন নাহে? আহে যদিও খালী হাত যদি হয়! পুৱালৈ
ছোৱালীজনীক দিবলৈ একো নাথাকিব। তাই এমুঠিমান চাউল আৰু এটা আলুগুটি
পলিথিনৰ মোনা এখন ওলোমাই থৈ বাকীখিনি চপেনটোত বহাই দিলে। ভাতলৈ
বুলি আগবঢ়াই দিয়া জুইকুৰালৈ চাই তাই সোনকালে বুধিন উভতি অহাটো কামনা
কৰিলে।
ঢপ ঢপ, খটলং খটলং .... আহিল। ৰিক্সাখন টানি টানি বেচেৰাটো
ওলালহি। শোৱালিতকৈ আগতে ছোৱালীজনী জাঁপ মাৰি উঠিল। দে’তা আহিছে
অ’, দে’তা আহিছে....। তাই দৌৰি দুৱাৰমুখলৈ আহিল। শেৱালিয়ে দৰ্জা খুলিলে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৩৯