পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮ • একুৰি এটা গল্প
 

ছোৱালীজনীৰ জন্ম। পেট বাঢ়িল। বস্তুৰো দাম বাঢ়িল। উপাৰ্জন একেই থাকিল। জীৱন সংগ্ৰামত উপায়হীন শেৱালিয়েও অংশ ল’লে।

 এটোপ-দুটোপ বৰষুণৰ কণিকা পৰিবলৈ ধৰিছে। শেৱালি সোমাই আহিল ছোৱালীজনীয়ে মুৰিৰ বাটিটোৰ ওচৰতে মুখখন থৈ পৰি আছে। তাই ওচৰলৈ গৈ চালে। টোপনি অহা নাই। হয়তো তাইৰো অকণমানি মনটোত কিবা চিন্তা সোমাইছে।
 —‘খোৱা নাই কিয়? তাই ছোৱালীজনীৰ মূৰত হাত থৈ সুধিলে।
 —‘এতিয়া নাখাওঁ। তাইৰ অভিমান ভৰা উত্তৰ।
 —‘কিয় নাখাৱ? খাবলৈকে চিঞৰি মৰিছিলি, খা’। শোৱালিৰ মৰম উপজিল। — ‘চেনি অকণ দিম নেকি?
 চেনিৰ নাম লোৱাত ছোৱালীজনী উঠি বহিল। মুখত হাঁহি বিৰিঙিল। শেৱালি উঠি টেমাকেইটাৰ ওচৰলৈ গ'ল। বটল এটাত অকণমান চেনি আছে। তাৰে দানা দুটামান দিলে। চেনি পাই ছোৱালীজনী মুৰি খোৱাত লাগিল। এই সৰু সৰু ল'ৰা-ছোৱালীবোৰে চেনি যে ইমান বিচাৰে, নিমখ নিবিচাৰে কিয়— শেৱালিয়ে মনে মনে ভাবিবলৈ ধৰিলে। ছোৱালীজনীয়ে মুৰিকেইটা খাবলৈ ধৰা দেখি শেৱালিৰ মনটো অলপ ফৰকাল হ’ল। তাই চৌকাটোৰ ওচৰত পীৰা এখন টানি বহিল। উস্..., পেটটোত খোঁচা মাৰি ধৰিছে। বোধহয় ভিতৰটোৱে হাত-ভৰি নচুৱাইছে। কি বা হয়! ল’ৰা হ'লেই হয়! বুধিনেও মনে-প্ৰাণে ল’ৰাকেই বিচাৰে। সহায় এটা হয় পাছলৈ। প্ৰথমটো সন্তান ছোৱালী হওঁতেও তাৰ অলপ আপত্তি আছিল। স্কুলীয়া শিক্ষা পোৱা শেৱালিয়ে ল'ৰা-ছোৱালীৰ মাজত ভেদাভেদ নাৰাখিবলৈ কৈ কৈছিল— ‘আজিৰ যুগত ল'ৰা-ছোৱালীৰ মাজত একো প্ৰভেদ নাই, সব সমান। ’
 —স‘ব সমান! মুখ ভেঙুচাই বুধিনে কৈছিল। কিহত সমান দেখিছ? কোনখিনিত সমান দেখিছ? বুজিছ, পৃথিৱীখন আমাৰ কাৰণে আগতে য’তে আছিল ত’তেই আছে। অকণো পৰিৱৰ্তন হোৱা নাই। ল'ৰা-ছোৱালী সমান যদি ক'ৰবাত হোৱা দেখিছ, তেন্তে সেয়া ধনী মানুহৰ ঘৰত। তোৰ-মোৰ দৰে দুখীয়াৰ ঘৰত ল’ৰা-ছোৱালী সমান বুলি ওফোন্দালে নুশুৱায়। ’

 হয় অৱশ্যে। মনে মনে শলাগিলে শেৱালিয়ে। শিক্ষা-দীক্ষা দিয়াটোও এটা সমস্যা। আজিৰ দিনত চৰকাৰে যিমান ঢাক-ঢোল নবজাওক কিয়, দুখীয়াৰ দুখ মোচন কৰিবলৈ কোনো আইন নাই। স্কুলতো পঢ়াবলৈ যিহে খৰচ! চৰকাৰীয়েই