১১৬ • একুৰি এটা গল্প
বেছি বহল হৈ গৈ থাকিল আৰু তাৰ মাজেৰে সৰি পৰি শেষ হৈ গ'ল আমাৰ
মাজৰ মৰম-ভালপোৱা আৰু সন্মানবোৰ। মই আগতেও কৈছো— এই ফাঁকটোৰ,
দূৰত্বটোৰ উপলব্ধি আমি দুয়োৱে কৰিছিলো। মাত্ৰ সেই সম্বন্ধে আমি দুয়োৱে
বহি একো আলোচনা নকৰিলো। কৰা হলে হয়তো....!
এদিন সন্ধিয়া চাহ খাবৰ পৰত মালাই ক'লে— ফাঁকটো বৰ ডাঙৰ হ’ল।
-হুঁ। চাহৰ কাপত চুমুক দি খিৰিকীৰে দিনান্তলৈ চাই ক’লো।
কিছুপৰ ৰৈ মালাই ক'লে— কালিলৈ মই ইয়াৰ পৰা যামগৈ।
অলপ আচৰিত হৈ সুধিলো— ক'লৈ? মাৰাৰ ঘৰলৈ?
- ওহোঁ, আঁতৰৰ এখন ঠাইলৈ। মই ইয়াত থাকিব নোৱৰা হৈছো। বৰ কষ্ট অনুভৱ কৰিছো।
-ময়ো। বৰ কষ্ট পাই আছো....। সঁচাকৈয়ে যাবানে?
- অঁ।
– ঘূৰি আহিবা?
-নাহো।
-কিবা দাবী?
-নাঃ। নাই।
-আদালতৰ দৰকাৰ হ’ব?
– নাঃ। নালাগে। ... তুমি আৰু মই। এই দুটা মানুহৰ বিশ্বাস আৰু বুজাবুজিৰ মাজত আদালত, আইন— এইবোৰ কিয়?
- মই যদি অইন কাৰোবাক বিয়া কৰাওঁ?
- আপত্তি নাই। অকণো নাই। মাতিবা। আহিম।
- তুমি?
-মই নকৰাওঁ। .... বিয়া জীৱনত এবাৰহে হয়....।
-ময়ো নকৰাওঁ। এনেয়েহে কৈছিলো। ... কেই বজাত ওলাই যাবা?
-তুমি অফিচৰ পৰা অহাৰ পাছত।
- সন্ধিয়া?
-ৰাতি সাত বজাত ট্ৰেইন। .... আজি ভাত কিহেৰে খাবা?
-তোমাৰ যি মন যায় ৰান্ধিবলৈ।
বৰ জুতি লগাকৈ মই ভালপোৱা কেইবাখনো ব্যঞ্জন ৰান্ধি মালাই মোলৈ