একুৰি এটা গল্প ॥ ১১৫
পাছত মোৰ জীৱনৰ পৰাই আঁতৰি যাবলৈ মোৰ অলক্ষিতে সংকল্প কৰিলে। মই।
গম পায়ো তাইক ৰখাবৰ যত্ন নকৰিলো। কিয় নকৰিলো— মই এতিয়াও বুজা
নাই।
চাকৰিৰ বদলি সূত্ৰে মই এই নতুন ঠাইখনলৈ আহিলো। মোৰ স’তে
মালাক জোৰকৈ পঠিয়াই দিয়া হ'ল— তাই তোমালোকক এৰি আহিব বিচৰা
নাছিল। মায়েহে বেছি জোৰ কৰি তাইক পঠিয়াই দিলে। নতুন ঠাইত নতুন ঘৰত
বয়বস্তুবোৰ থান-থিত লগাই থাকোতে মাৰ কথা ওলাল। মই ক'লো— দেখিলা,
শাহুৱেৰাৰ কিমান মৰম? বোৱাৰীয়েকক অকলে থাকিবই নিদিয়ে।
—এহে, কমখন মৰমনে? অকলে থাকিবই নিদিয়েনে পুতেকৰ আল
ধৰিবলৈ নিকিনা বান্দী এজনী পঠিয়ালে? তাইৰ মুখত সম্পূৰ্ণ তাচ্ছিল্যভৰা
মাত। মোৰ খং উঠি গ'ল— তোমালোক মাইকী মানুহবোৰৰ নিচিনা ঠেক চিন্তাৰ
জীৱ এই পৃথিৱীত আৰু নাই। ঘৰত অকলে থাকি বৰ হ’বা বুলি মায়ে তোমাক
মোৰ লগলৈ পঠিয়ালে, আৰু তুমি...?
—লগ? ঘৰত মই অকলশৰীয়া? আৰু ইয়াত?.... ইয়াত মোৰ লগ ক'ত?
—কিয়, মই? দিনৰ পাঁচ ঘণ্টামান সময়হে অফিচত থাকিম। বাকীখিনি
সময়তো....!
—বাৰু বাৰু। বহুত পালো তোমাৰ সংগ। অফিচৰ বাহিৰৰ সকলোখিনি
সময়েই কেৱল তুমি মোকেই দিয়া নহয়....!
—তোমাৰ অসন্তুষ্টি দিনক দিনে বাঢ়ি গৈছে মালা।
—তুমি কমাবৰ যত্ন কৰিছা জানো?
—মই কিয় কৰিম? তোমাৰ মনৰ বেমাৰ হৈছে, তুমি নিজে ভাল
কৰা।
—অ’ এবা। ময়েইতো ভাল কৰিম। এই বেমাৰ মই ভাল কৰিবই
লাগিব।
তাৰ পাছৰ পৰা দুয়োৰে মাজত মাত-বোল প্ৰায় বন্ধই হৈ গ'ল। নিতান্তই
প্ৰয়োজনীয় কথাকেইটাৰ বাহিৰে দুয়ো যেন দুটা যন্ত্ৰ মানৱত পৰিণত হলো।
দৈনন্দিন কাম-কাজবোৰ দুয়োৰে ভাগে ভাগে পৰাবোৰ নীৰৱে কৰি যাওঁ—
একেলগে টিভি চাওঁ, বাতৰি কাকত পঢ়ো, একেলগে ভাত খাওঁ, একেলগে শোওঁ
কিন্তু দুয়োৰে মাজত এটা স্পষ্ট ফাঁক হৈ পৰিল। এই ফাঁকটো দিন যায় মানে