পৃষ্ঠা:একুৰি এটা গল্প.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১১৩
 

বিশেষ গুৰুত্ব নিদিলে পাছত নিজে নিজে ঠিক হ’ব। এদিন অফিচত মোৰ বৰ দৰকাৰী মিটিং এখন আছিল। মিটিঙৰ শেষত উদৰ পূৰাই খোৱাৰ ব্যৱস্থা হোৱা দেখি ঘৰলৈ ফোন কৰিলো। মায়ে ফোন ধৰিলে। মই ক'লো যে অফিচত খাই যাম, মোলৈ ভাত থ’ব নালাগে আৰু ঘৰ গৈ পাওঁতে অলপ দেৰি হ’ব। মিটিং শেষ কৰি সন্ধিয়া সাতমান বজাত ঘৰলৈ আহিলো। দেখিলো— মালা ঘৰত নাই। সুধি জানিব পাৰিলো— ছাদৰ ওপৰত আছে। কি কৰিছে বা?

 হাত-মুখ ধুই কাপোৰ সলাই ছাদৰ ওপৰলৈ গলো। ছাদত থকা পকাৰ বেঞ্ছখনত মালাই আকাশলৈ মুখ কৰি শুই আছে। মই মাতিলো— মালা!

 তাই মোলৈ চালে। মই আশা কৰিছিলো তাই মোক দেখিয়েই টানি কাষতে বহিবলৈ ঠাই আজৰাই দিব। নিদিলে। তাই যেনেদৰে আছিল তেনেদৰেই থাকিল। আকৌ মাতিলো— এই, টোপনি নেকি?

 -নহয়। তাইৰ ৰসহীন গোটা মাত।

 -তেন্তে? সাৰ-সুৰ নাই যে?

 - গান গাই নাচি ফুৰিবলৈ মোৰ বৰ সুখ হৈছে নহয়। তাই মোৰফালে পিঠি দি শুলে। মই আহত হলো। তাইৰনো দুখ কি? মা-দেউতা আৰু ঘৰৰ বাকী সকলোৰে তাইক বৰ মৰম কৰে। ধন-সম্পত্তিৰ কোনো নাটনি নাই। তেন্তে? ক'লেহে জানিম। থাওক, যি কৰে কৰি থাকক ভাবত অকণমান পৰ ৰৈ থাকি মই তললৈ নামি আহিলো। ৰাতি ভাত খাৰৰ পৰত মায়ে তলৰ পৰা চিঞৰিলে— মালা মালা,নামি আহা, ভাত হ’ল। অলপ সময় পাছত তাই নামি আহিল। লাইটৰ পোহৰত দেখা পালো, তাইৰ দুয়োটা চকু ৰঙা পৰি উখহি আছে। মা ব্যস্ত হৈ পৰিল– কি হ'ল? কি হ’ল অ’ মালা? তুমি কান্দিছা?

 -নাই, কিয় কান্দিম? চকুত ধূলি পৰিছিল। ওপৰত বতাহ...।

 মায়ে সন্দেহেৰে মোলৈ চাইছিল। তেওঁ হেনো মালাই ফাঁকি দিয়া বুলি জানিছে। মই কি কৰিম? অনাহকত কাৰোবাৰ কান্দিবৰ মন গলে মোৰ উপায় নাই। অফিচৰ পৰা দেৰিকৈ আহিম বুলি মইতো আগতে জনাইছিলোৱেই।

 ৰাতি ভাত খাই শুবলৈ যোৱাৰ আগতে দৈনন্দিন কৰ্মৰ শেষ ভাগত বাতৰি কাকত পঢ়া কামটো কৰি শুবলৈ গ'লো। হঠাৎ জৈৱিক তাড়না উপস্থিত হোৱাত সংগিনীৰ ফালে দৃষ্টি দি দেখিলো— বিছনাত পেট পেলাই বাগৰি বগা কাগজ এখনত আঁক-বাঁক কৰি আছে। চালো। ২৪ সংখ্যাটো কেইবাবাৰো লিখি কোনোবাটো বৃত্তৰ মাজত আৰু কোনোবাটো পূৰণ চিনৰ তলত সুমুৱাই থৈছে।