একুৰি এটা গল্প ॥ ১১
ভুমুকিয়ালে কাক লাগে?
— বৰ্ণালী, মানে প্ৰবীৰ বৰুৱাৰ মিছেছ আছে নেকি? তাই সুধিলে।
— আছে। আহক। বহক, মই মাতি দিওঁ। ল'ৰাজনে তাইক মাতি বহিবলৈ
দি আঁতৰি গ'ল। ড্ৰয়িং ৰূমটোত চকু ফুৰাই যমুনাই তাত বৰ্ণালীৰ উপস্থিতি
অনুভৱ কৰিব নোৱাৰিলে। তিনিবছৰ হাড়ে হাড়ে লগ লাগি থকা ছোৱালীজনীৰ
মনোভাব ড্ৰয়িং ৰূমটোৰ ক'তো অকণো ফুটি উঠা নাই। গোটেই ৰূমটোতে বিদেশী
পৰিৱেশ অথচ বৰ্ণালী আছিল সম্পূৰ্ণ ওলোটা— ‘ড্ৰয়িং ৰূমটোৱে সেই ঘৰ
মানুহৰ মানসিকতা প্ৰতিপন্ন কৰে। নিজৰ নিজৰ ড্ৰয়িং ৰূমবোৰত নিজৰ জাতীয়
বৈশিষ্ট্য ফুটি থাকিব লাগে’– তাইৰ কথা। ল'ৰাজন আকৌ সোমাই আহি ক'লে,
বাইদেউ এটা কামত ব্যস্ত আছে, আপুনি অলপ সময় বহিব লাগিব। — হ’ব।
যমুনাই শলাগিলে। ঘৰটোৰ ভিতৰত তাই কোনোবা ঘূৰি ফুৰাৰ উমান পালেও
তাই কাৰো মাত নুশুনিলে। অলপ সময়ৰ পাছত বাহিৰত এখন গাড়ীৰ মৃদু শব্দ
উঠি আঁতৰি যোৱা যেন পালে। যমুনাৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে। তেনেতে হাতত
দুকাপ চাহ লৈ বৰ্ণালী সোমাই আহিল — এই, তোমাক বহুপৰ বহুৱালো নহয়?
— মই আহিছো বুলি তুমি জানিছিলা জানো?
— অঁ। তুমি সোমাই আহোঁতেই দেখিছিলো। ব্যস্ততাৰ বাবেহে আহিব
পৰা নাই। আৰু মই নিশ্চিত যে তুমি আহিছা যেতিয়া মোক লগ নোপোৱাকৈ
নাথাকা। মায়ে কালি ফোনত কৈছে, তুমি মোৰ ঠিকনা লৈছা বুলি। ভালেই কৰিলা।
মইহে তোমাৰ তালৈ যাওঁ যাওঁ বুলিও যাব পৰা নাই। লোৱা, চাহ খোৱা।
যমুনাই একেথৰে বৰ্ণালীলৈ চালে। তাই কোৱা কথাত কোনো গুৰুত্ব
নিদি যমুনাই বৰ্ণালীৰ ভিতৰত কিবা আছে নেকি জানিবলৈ যেন তাইৰ মনৰ
ভিতৰলৈ জুমিছে — কি চাইছা যমুনা? চাহ খোৱা। বৰ্ণালীয়ে যেন ধৰা পৰি
যোৱাৰ ভয়ত লৰালৰি কৰিছে। যমুনাই চাহ তুলি ল'লে। দুয়ো নিঃশব্দে চাহ
খোৱাত লাগিল। চাহ খোৱা শেষ হোৱাৰ পাছত কিছুপৰৰ নীৰৱতা। হাতৰ পৰা
চাহৰ কাপ তলত থ’লেও যেন তাৰ পৰা হোৱা শব্দই সেই নীৰৱতা ভাঙি দুয়োকে
আমনি কৰিব।
— দিয়া কাপটো। থৈ আহোগৈ। তুমি তামোলজাতীয় কিবা খোৱা
নেকি?
— নাখাওঁ। বৰ্ণালী ভিতৰলৈ গৈ কাপ-প্লেট থৈ হাতত এজাপ এলবাম
লৈ সোমাই আহিল। যমুনাৰ এলবাম চাই সময় কটোৱাৰ ইচ্ছা মুঠেই নাছিল।