১০ • একুৰি এটা গল্প
প্ৰায় দুমাহ পাৰ হৈ গ'ল। এইকেইটা দিন যমুনাই অনবৰতে কেৱল
বৰ্ণালীকেই দেখিলে। স্কুললৈ ওলাই আহিয়েই বৰ্ণালীৰ সন্ধানত তাইৰ চকু
পিটপিটাই ফুৰে অগণন জনতাৰ মাজত। স্কুলত থকাৰ সময়খিনিতো তাই আশা
পালি থাকে বৰ্ণালী আহিব বুলি। তাইতো আহিম বুলিয়েই কৈছিল। ঠিকনাও
নাজানো, ফোন নম্বৰো নাপালো। ক’ত বা থাকে? তাই বাৰু নিজকে লুকুৱাই
ৰাখিছে নেকি? লাহে লাহে যমুনা বৰ্ণালীৰ প্ৰতি অত্যুৎসাহী হৈ পৰিল। যেনে
তেনে যেন তাই বৰ্ণালীক বিচাৰি উলিয়াব! কিন্তু কত পাব তাইক? কাৰ পত্নী?
তাইৰ গিৰিয়েক চাকৰিয়াল নে ব্যৱসায়ী তাকো নাজানিলে। শেষত তাই বৰ্ণালীৰ
মাকৰ ঘৰৰ ফোন নম্বৰ পুৰণি ডায়েৰীৰ মাজৰ পৰা বিচাৰি লৈ ফোন কৰি বৰ্ণালীৰ
বৰ্তমানৰ ঠিকনা সংগ্ৰহ কৰিলে। তাই ঠিক কৰিলে যে কালিলৈকে তাইক লগ
কৰিব।
∘∘∘
অটখনত দিবলগীয়া ভাৰা আদায় দি তাই চৌহদটোলৈ সোমাই আহিল।
মালীজাতীয় এজনে বাগিচাত কাম কৰি আছিল। তাই সুধিলে-
—এইটো প্ৰবীৰ বৰুৱাৰ ঘৰ হয়নে?
—হয়। মালীজনে মূৰ জোকাৰি ঘৰটোলৈ চালে। যমুনাই বাগিচাখনলৈ
চালে। বিভিন্ন ‘ছিজন ফ্লাৱাৰ। বৰ্ণালীয়ে ‘ছিজন ফ্লাৱাৰ বেয়া পাইছিল। ১৫/২০
দিন ফুলি জমকাই মৰহি যায়। কথা নেকি? চিৰদিন জাতিষ্কাৰ হৈ ফুলা গছ হ’ব
লাগে।
—তেনেকুৱা ফুল ক’ত আছেনে? তোমাৰ সপোন কোঁৱৰৰ ঘৰত?
—ধেৎ, ধেমালি নকৰিবা, গোলাপ, তগৰ, যুতিমালী, মাধৱীলতা—
এইবোৰ কি? মই মোৰ ঘৰত সদায় এনে সুগন্ধি ফুল ভৰাই ৰাখিম চাবা।
—এইবোৰতো নিৰ্দিষ্ট সময়তহে ফুলে।
—হয়। কিন্তু দীঘলীয়াকৈ। আৰু এবাৰ ফুলিলে তাৰ সুবাস ৰৈ যায়
বহুদিনলৈকে। গছজোপাৰ সেউজীয়াখিনিতো থাকেই...। যমুনাই বৰ্ণালীৰ, অৰ্থাৎ
প্ৰবীৰ বৰুৱাৰ বাগিচাত এপাহো তেনে ফুল দেখা নাপালে। তাই খোজ আগবঢ়ালে,
ডাঙৰ বাৰান্দাখনৰ মূৰে বান্ধি থোৰা প্ৰকাণ্ড কুকুৰটোৱে ভৌ-ভৌৱাই উঠিল—
যমুনা থমকি ৰ’ল। এইটো জানো বৰ্ণালীৰ ঘৰ নহয়। কুকুৰ আৰু মেকুৰী পোহাৰ
সম্পূৰ্ণ বিৰোধিতা কৰিছিল তাই। কথাই কথাই তাই কৈছিল- যিখন ঘৰত
কুকুৰ-মেকুৰী থাকে, তাত মই নাই জানিবা। কাম কৰা জাতীয় ল'ৰা এজনে