সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(01) পূৰ্ব্বে ভালেমান পুৰুষাৰ্থ কৰিও বিজাই চাবলৈ দ্বিতীয় পীতাম্বীৰ এখন কাৰো ঠাইত পোৱা নহল। সেই বাবে “যথাদৃটং তথা লিখিত;” কৰা গুণে এই তাঙ্গৰণত ভালেমান ভুল ভ্ৰ.ন্তি ৰৈগল। আশা কৰোঁ, তাৰাসকলে প্ৰকাশকৰ সেই ত্ৰুটি যেন মাৰ্জ্জনা কৰে। এই ভাঙ্গৰণৰ ছপা কাৰ্য প্ৰায় শেষ হোৱা সময়ত আৰু এখন হাতে-লিখা পীতাম্বৰী পোৱা হৈছে। এই এখনৰ সহায়লৈ অহা তাঙ্গৰণলৈ এই বাৰৰ ভুল ভ্ৰান্তি শুধৰাবলৈ বিশেষ যত্ন কৰাৰ আশা থাকিল। এই বাৰৰ ছপোৱা কাৰ্যত সহায় কৰা বাবে চেতনা পত্ৰি- কাৰ সম্পাদক শ্ৰীত অম্বিকা চৰণ ৰায় চৌধুৰী, স্কুল ডিপুটী ইন্‌- স্পেক্তৰ ীযুত কৰুণা কান্ত বৰুৱা বি, এ, বি, টি, আৰু মোৰ বন্ধু শ্ৰীযুত প্ৰসন্ননাৰায়ণ চৌধুৰীক অন্তৰেৰে সৈতে ধন্যবাদ দিয়া হল। ইতি— ক্ষেত্ৰিহাৰ দিয়া, মৌজা উত্তৰ সৰংশৰ ( কামৰূপ ) ২৬ মাঘ ১৩২৮ সন। শ্ৰীনিভাৰ্যাৰাম দাস প্ৰকাশক।