এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পেীতাম্বৰী পুস্তক। অনল দেখিয়া দূৰে কামেৰ কুমাৰ। জন্মিল পৰম ভয় মনে আপোনাৰ!! লভিল পৰম ভয় সুস্থ নাহি লয়ে। বোলে মোক মৰিবাক আনিল এথায়ে॥ ৩২৫ নহৰ উষাৰ জুতি স্বৰূপে কাহিনী। কিবা তুমি যক্ষ ৰক্ষ নাগেৰ ৰমনী॥ কোন বা কালেৰ বৈৰ সুমৰিয়া মনে। মায়ায়ে ছলিৰা নোক আনিলা এখানে। ৩২৬ জানিলো তোমাৰ হৃদয় ভাল নোহে। নাৰায়ন পৰশনে পীতাম্বৰে কহে॥ -- ৰাগ—গুঞ্জৰি। শুন চিত্ৰলেখা ে শুন চিত্ৰলেখী ময়ি বোলো তোকে। নিজ দেশে নিয়া থৈয়োক মোকে॥ ( ধ্ৰু ) অগনিৰ গঢ় লঙ্ঘে আকাশে। দেখি কুমাৰক পাইল ভৰাসে। বাহুবায়ো ৰথ যাওঁ নিজ ৰাজ। তোৰ উষাক নাহি মোৰ কাজ॥ ৩২৭ চৌদিশ বুড়িয়া অনল জ্বলে। দেখিয়া ডৰ তনু মোৰ হালে॥ প্ৰাণ লৈ মোৰ পৰিল পাক। সাধ নাহি মোৰ তোৰ উষাক॥ 9730