পীতাম্বৰী পুস্তক। এলিয়া ক্লৈাসক গৈলা মহামায়া। পাশে সপনে সখি তোমাক দেখিয়া॥ সপনে তোমাৰ সঙ্গে বঞ্চি ৰতি ৰঙ্গে। তোমাৰ বিৰছে সখি পিড়ীত অনঙ্গে॥ ৩১৩ বিহে বিকল মন ধৰিতে নপাবে। মদনৰ তাপে খীণ চাহে মৰিবাবে॥ অগনিত কৰিবাক চাহে তনু নাশ। সকল সখিয়ে তাক কৰিলা আশ্বাস॥ ৩১৪ সে বোল নাশুনে ঊষা চাহে মৰিবাক। অঙ্গীকাৰ কৈলে৷ আমি ৰাখিতে তাহাক॥ তোমাক মিলাইবো নিয়া নিকটে উষাৰ। আজি ৰাত্ৰি সময়ে কৰিব অঙ্গীকাৰ॥ ৩১৫ একাৰ্য্যে আসিলো আমি তোমাক হৰিবাক। চল গিয়৷ দেখ আজি ৰূপসী উষাক॥ নাৰদেৰ প্ৰসাদে তামসী কৰি মায়া। কেহো লোকে নেদেখিল আসিলোহো লৈয়া॥ ৩১৬ চাৰি দণ্ডে পাই প্ৰভু শোণিত নগৰী। দেখা আপোনাৰ প্ৰিয়া পৰমা সুন্দৰী। আৰু এক কথা পুছে৷ শুনা যদুপতি। তোমাক প্ৰবন্ধে ৰাখিবাৰ কি যুগুতি॥ ৩১৭ ইহাব প্ৰমাণ প্ৰভু চাহি শুনিবাক। যবে দাসী কৰি হেন মানস আমাক হাসিয়া কুমাৰে বোলে শুনা চিত্ৰলেখা। সপনে সুন্দৰী এক ৰাতি পাইলে৷ দেখা॥ ৩১৮
পৃষ্ঠা:উষা পৰিণয়.pdf/৬৯
অৱয়ব