Cb- পীতাম্বৰী পুস্তক। হনুৰ নামাৰ বায়ু বহে খৰতৰে। এথে সমে চিত্ৰলেখা আয়াঘাত কৰে। যতন কৰিয়া তবে হুয়৷ এক পাশ। হস্তি ঘোঁৰা সেনাগণ নিন্দাইল নিশেষ॥ ২৯৫ এপূব দুৰাৰে দিয়া পশিলা ভিতৰ। দেখিলন্ত চিত্ৰলেখা 'কামেৰ কুমাৰ॥ বাপেৰ কোলাত অনিবদ্ধ আছে শুতি। শ্যামল সুন্দৰ অনুপান ৰূপ আতি॥ ২৯৬ অন্তঃপুৰে নাৰী যত গ্ৰহৰ ধৰিয়া। কতদূৰ অন্তৰে আছে কুমাৰ ৰাখিয়া॥ দেখি তবে চিত্ৰলেখা গুণে মনে মনে। ভালেতো কুমাৰী উষা দহে কাম বানে॥ ২৯৭ হেনৰূপ পুৰুষ নাদেখি ক্ষিতা তলে। ইছাক দেখিলে কি নাদহে কামানলে। এহি বুলি মন্ত্ৰ কৈল আতি শীঘ্ৰ গতি। নাৰীলোক নিন্দে ৰৈল ৰতি পড়ি ৰতি॥ ২১ চিত্ৰলেখা ধীৰে ধীৰে নিকট চাপিয়া। লৈল কুমাৰক ভুজ লতায়ে বেড়িয়া॥ তাৰ অঙ্গ পৰশে জাগিল, পঞ্চবান। স্তম্ভ ঘৰ্ম্ম লোমাঞ্চ শৰীৰ বিদ্যমান। ২৯৯ কুমাৰক কোলে কৰি থাকিল গুণিয়া। তনু স্থিৰ নভৈল কেমনে যাইবো লৈয়া॥ মন মোৰ কি কৰে বুলিয়া পাইল লাজ। সখিৰ নিমিত্তে আমি কৰি হেন কাজ॥ ৩০০
পৃষ্ঠা:উষা পৰিণয়.pdf/৬৬
অৱয়ব