সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

0 পীতাম্বৰী পুস্তক। গগন মণ্ডল গতি ৰথে শীঘ্ৰে যায়। গীৰি নদী নগৰ এৰায়া বেগে ধায়! ২৫২ শোণিতপুৰত হন্তে দ্বাৰকা নগৰ। একাদশ যোজন সহস্ৰ অন॥ দ্বাৰকাক পাইনা গৈয়া গ্ৰহৰেকে দেখা। নগৰেৰ নিকটে বহিলে চিত্ৰলেখা॥ ২৫৩ তৃষ্ণায়ে আকুল মন ধৰিতে নাপাৰে। নামিল ছাবিয়া ৰথ পৃথিবী উপৰে। জল চায়া বিচাৰি পাইলেক নদী এক সন্ধ্যা কৰে নাৰদক দেখিলা প্ৰত্যক্ষ | ২৫৪ প্ৰণামিল৷ চিত্ৰলেখা মুনিৰ চৰণে। দেখিয়া নাৰদ মুনি পুছিলা তেখনে না মুনি বোলে চিত্ৰলেখা তুমি কেনে যথা। কি কাৰ্য্যে আসিলা এথা কহু তাৰ কথা॥৷ ২৫৫ কৰবোৰে চিত্ৰলেখা কহিল উত্তৰ ি শোণিত নগৰে বানাণ্ডৰ দৈত্যেশ্বৰ। ঊষা নাযে কন্যা তাৰ প্ৰথম যুৱতী। সপনে দেখিল উষা গোবিন্দৰ নাতি॥ ২৫৬ তাহাৰ বিৰহে কন্যা চাহে মৰিবাক। সে কাৰণে আসিলো কুমাৰ হৰিবাক || পৰশন হোৱে যদি তোমাৰ চৰণ। লৈ যাম কুমাৰ ৰাখো সখিৰ জীৱন। ২৫৭ শুনি চিত্ৰলেখাৰ বচন মহামুনি। বোলে মৰিবাক কেনে আইনা অভাগীনি