8° পীতাম্বৰী পুস্তক। গীতা হেন শুনিলে কৰিব দূৰ খঙ্গে। স্বামী নাহি যেবে মোক লৈয়া যাইব সঙ্গে চিন্তা লাগবেৰ সখি মাজতে বহিলো। ইকুল সিকুল সখি একোৱে নাপাইলো। ১৯৯ আৰু কথা কহি সখি কৰা অৱধান। পূৰ্ব্বে মহামায়৷ মোক দিল বৰ দান॥ সপনে যে পুৰুষে হৰিবে ভোক ৰাতি। সেহিজন হৈবেক তোমাৰ প্ৰাণপতি॥ २०० সে বোল সকলে মিছা হৈল হেন দেখি। হৰাইবাৰ নিধি কিবা খবৰ পাই লখি॥ আপোন ভালেৰ কিছু নাদেখো উপায়। প্ৰাণ পৰিহৰো যেন দুখ দূৰ যায়। ২০১ এ বুলিয়া ঊষা সে ৰহিল হেট মুখে। মদনৰ দহন দহে আপনাৰ দুখে॥ বহে জলধাৰা দুই নয়নে ঢাকিয়া। অচেতনে ক্ষিতিতলে ৰহিল৷ পড়িয়া। ২:২ চেষ্টাহীন শৰীৰে দহিল কামানলে। সখি সখি বুলি চিত্ৰলেখা লৈল কোলে | আঞ্চোল চামৰে বিঞ্চে শিবে জল দিয়া। চেতন কৰাইল উষা বসিল উঠিয়া | 203 হইয়ু! কাতৰ কান্দে বিৰহে বিকলা। বিষম মদন ভুজঙ্গমে বিষজ্বালা। চিত্ৰলেখা প্ৰবোধে নাকান্দা গুণৱতী। কহে পীতাম্বৰে পৰশনে যদুপতি। ২০৪
পৃষ্ঠা:উষা পৰিণয়.pdf/৪৮
অৱয়ব