সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক! খনে খনে লোমাঞ্চিত সকলে শৰীৰ। স্তব্ধ হইয়া থাকে খণে খণে সে অস্থিৰ॥ ১৩৪ বিৰহৰ চৰিত্ৰ বেকত সৰ্ব্ব অঙ্গে। ক্ষীণ হৈল কুমাৰ মদন ৰতি বঙ্গে॥ অৱশেষে ববি আছে সন্যাসীৰ বেশে। যাত্ৰা কৈল কুমাৰ যে যাইবা বিদেশে॥ ১৩৫ হাতে দণ্ড কমণ্ডলু লৈয়া হৈল নাথ। আপন নীতিৰ কথা কৈল যদুনাথ॥ শুনিয়ো হতেৰ কথা ত্ৰিভুবন পতি। অনিৰুদ্ধ উদেশে লবিল শীঘ্ৰ গতি॥ ১৩৬ সন্যাসীৰ বেশে অনিৰুদ্ধক দেখিয়া! হাসিয়া গোবিন্দ কোলে ধৰিলা আসিয়া। আলিঙ্গন কৰিয়া চুম্বন কৈল হবি। আপোন নাতিক তবে প্ৰৰোধে দৈত্যাৰি॥ ১৩৭ হবি বোলে অনিৰুদ্ধ নাভান্দিবা মোক। কাহাৰ বিৰহে হেন ৰূপ দেখি তোক। লাজ পৰিহৰি মোত কৰাহা প্ৰচাৰ। মোৰ ঠাই লুকি নাহি এসব প্ৰকাৰ। ১৩৮ যাক মনে বাঞ্ছাস আনিয়া দিবো তোক। কাৰ সনে ভৈল ভেট যান্তে কহ মোক লাজ পাইল কুমাৰ হবিব কথা শুনি। হেট মুখে নিহালিৰা ৰহিল ধৰণি॥ ১৩৯- যতনে গোবিন্দ পুছে নকছে কুমাৰ কতোক্ষণে বোলে শুনা ত্ৰিভুবন যাৰ