এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৫ পীতাম্বৰী পুস্তক। পদ। বৈশম্পায়নে বোলে কথা শুনা নৰপতি। লবিল কুমাৰ কামে ব্যাকুলিত আতি॥ নাহি ভয় লাজ সে মদনে উনমত্ত। দেখিয়া ডৰাইল অন্তঃপুৰে, নাবী যত॥ ১২৯ হৰি জানাইবাক লোক ধাইল অশেষ। প্ৰণাম কবিয়া বোলে শুনা হৃষিকেশ। ছলিত নয়নে কহে বহে খৰ শ্বাস | দেখিয়া ত্ৰৈলোক্য নাথে কৰিলা আশ্বাস॥ ১৩০ হৰি বোলে খবে কহ শঙ্কা ছাড়ি মনে। মোৰ বাক্যে কি কৰিব কাহাৰ পৰাণে। কথাৰ আশায় দেৱে হেন লক্ষি মনে। কোন বা নাবীক ভেট 'পাইলও স্বপনে॥ ১৩৯ যেমতে বঞ্চিল নিশি কহ তাৰ গুণ। সুমৰি সুমৰি বাঢ়ে বিৰহ দাৰুণ। নাকৰে তোমাক, শঙ্কা নাহি কৰে লাজ! ঘনে ঘনে কহে স্বপনৰ যত কাজ॥ ১৩২ খণে উঠে খণে শুতে খনে খনে বৈসে। খণ্ডে খণে ঊষাৰ মন্দিৰ চায়৷ আশে॥ খণে সে কন্যাক চিন্তে হইয়া একমতি। খণে খণে আলিঙ্গন কৰে বসুমতি॥ ১৩৩ কিবা কথা মনে কহে বুজিতে নাপাৰি। খণে নিৰন্তৰে নয়নৰ বহে বাৰি॥