এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পাতাম্বৰী পুস্তক | পদ বৈশম্পায়ন বোলে কথা শুনা অকিনেদ্ধ বোলে কোপ নাকৰ নৰপতি। যুৱতী॥ ১১১ যত ধন-জন মোৰ তোমাৰ অধীন। নিধুবন ৰতন তাম্বুলে মোক বিন॥ মোৰ স্ত্ৰী সব দাসী আমি তোৰ দাস। আলিঙ্গন দেহ প্ৰাণ নাকৰ নৈৰাশ || ভূমিনে বন মোৰ সংসাৰেৰ যাৰ। সবে দ্বাৰকাপুৰ আমাৰ অধিকাৰ। ১১২ যে হবি স্ৰজিল ত্ৰিভুবন দিন বাতি। ত্ৰৈলোক্যৰ ঠাকুৰ আমিসে তাৰ নাতি॥ ছেন নাৰায়ণেৰ আমিদে মূল তাৰ সকল দ্বাৰকাপুৰে আমি অধিকাৰ॥ ১১৩ যিৰা বোল বোলা তাকে কৰিবো যতনে। প্ৰাণ যায় তৰুণী জীৱন যায় বোনে॥ তৃণ হাতে লৈয়া বোলে নিকটে কন্যাৰ। মদন সাগৰে মজো কৰিয়ো উদ্ধাৰ॥ ১১৪ এ বুলিয়া কুমাৰ উঠিল কাম ভোলে। আঞ্চোলে ধৰিয়া সে মিনতি বাক্য বোলে। লোমাঞ্চ ভাবিনী কাম্পে বিবৰ্ণ শৰীৰ। তন্ত্ৰ তন্ব স্ফট বচন নোহে স্থিৰ। ৰতিৰস নিশেষ বুলিতে নাজুৱায়। পৰিব পিছলি গুৰু গৌৰৱ সভায়॥ ১১৫