20 পীতাম্বৰী পুস্তক 1 হৰিবংশ পূণ্যকথা সম্পদ উদয়। শুনিলে সকলো দুঃখ বৈবী যায় ক্ষয় || খণ্ডিব বিঘিনী যদি শুনে এক মনে। কহে পীতাম্বৰ নাৰায়ন পৰশনে॥ ৰামগিৰী ৰাগ। স্বৰ্গ ছাড়িয়া কামসেনা নামিল ভূমিতে। ধৰিয়া ঊষাৰ ৰূপ কুমাৰে ছলিতে যে॥ “ ধ্ৰু॥” কৰ্পূৰ তাম্বুল মুখে লহৰী খেলাৰ। কুমাৰেৰ সন্মুখে গিয়া আড় নয়নে চায় যে॥ খসাইল লোটন বালী পিঠে পড়িয়া লুলে। আৰবাৰ বান্ধে দিয়া মালতিৰ ফুলে যে॥ ১০৩ অম্লমূৰা দিয়া কন্যা দুই বাহু তুলিয়া। শ্ৰীফল কচোৰ কুচ দেখায় হাসিয়া যে॥ খেণে আসে থেকে যায় খেণে থাকে বৈয়া। খেণে আড় নয়নে কুমাৰক আছে চায়া যে॥ ১০৪ চলিতে নাজানে খণে যায় কোনভিতি। অকাৰণে হাসে খণে ২ কোপ মতি যে॥ খসাইল কুণ্ডল আৰবাৰ পিন্ধে কাণে। খণে খণে আগে ৰৈয়া কিবা কেনে মনে যে॥ ১০৫ দেখিয়া কুমাৰে মন বিকল কমিশৰে। আঞ্চোলে ধৰিয়া সে মিনতি কৰে ধীৰে যে। প্ৰাণ বাখ শশীমুখী আলিঙ্গন দিয়া। কহে পীতাম্বৰ হৰি চৰণে বন্দিয়া যে॥ ১৬৬
পৃষ্ঠা:উষা পৰিণয়.pdf/২৮
অৱয়ব