১৭৬ পীতাম্বৰী পুস্তক। কে আছে কে আইসে বুলি চাহে চক্ৰপাণি। হেন অদভুত কপ নাহি দেখি শুনি॥ দেখিয়ে অনেক যুঙ্গে যেন নহিবৰ। নাহি লেখা কোথা কি এতেক ভুঞ্জ তাৰ॥ অনুমানে বুজিয়া ৰহিল৷ দৈত্য পতি। বেৰ পৰীক্ৰম দেখো বলীৰ সন্তুতি | এবুলিয়া নাৰায়ণে কৈল শঙ্খ ধ্বনি। দেখি বানাগুৰে কোপে বোলে দৰ্প বানি॥ ৯৫১ থাক থাক হৰি তোৰ লৈবোহু পৰাণ। যম পুৰি চলি যাহা -হেন খনে জান॥ আৰ নেদেখিবি গিয়া দ্বাৰিকা নগৰি। মোৰ বানে ভুমিত শয়ন কৰা হৰি। ৯৫২ নোহে। মধু কৈটভ বেনুকা কংসাঙৰ। ভিন এক সহ তোৰ গৰ্ব কৰু চুৰ! আগে যমগুৰি গেৰ লৈ যাবো বাণ। পাছে হলস্কৰক পঠাম যন থান। ৯৫০ তোহোক মাৰিয়া যাইবো দ্বাৰকা নগৰি। সকল যাদব তোৰ আসিব সংহবি॥ মানুষ হইয়া দুই থাকা ভুক্ত- লৈয়া। মৰিবাক আসিলি কুৰুদ্ধিৰ সহায়া॥ ৯৫৪ দেখ সহস্ৰেক ভূজ যেন কোঁট এক বাহুৰ সমান প্ৰনয় কালৰ যেন বাবুৰ নিবহৰে ঘট যেন সাগৰ যথ मग। পৰক্ৰিম॥ আফালে। জলে॥ ৯৫৫
পৃষ্ঠা:উষা পৰিণয়.pdf/১৮৪
অৱয়ব