বৈশম্পায়ন বোলে কথা শুনা নৰপতি।
আৰবাৰ বানাসুৰ কোপে বোলে আতি॥
আসে ধায় সংগ্ৰামে কে আছে হেন বাব।
যুজিবো সহস্ৰ ভুজে তবে হৈব স্থিৰ॥ ৪৪
ত্ৰিভুবনে জিনিয়া নাপাইলো যেৱে ৰণ।
কৈলাসক গৈলো যথা আছে ত্ৰিনয়ন॥
গোচৰ কৰিলো গৈয়া শঙ্কৰৰ আগে।
সহস্ৰেক ভুজ মোৰ শল্য হেন লাগে॥ ৪৫
যত ভুজ বল মোৰ সবে অকাৰণ।
সংগ্ৰাম নাপাইলো খুজি এতিনি ভুবন॥
হাসিয়া শঙ্কৰে হেন বুলিলন্ত মোক।
পূৰ্ব্বে যে ময়ুৰধ্বজ দিয়া আছো তোক॥ ৪৬
সেই ময়ুৰধ্বজ তোৰ ভাঙ্গিব যেখন।
পাইবে সংগ্ৰাম ঘোৰ বুলিলো বচন॥
এখন গুণিলো ধ্বজ পড়িল ভাঙ্গিয়া।
চাহো মই হৃষিকেশ আসোক সাজিয়া॥ ৪৭
ৰক্ত নাহি পীয়ে বহুদিন মোৰ বাণে।
আলোক গোবিন্দ তাৰ লৈয়াবো পৰাণে॥
চলহ পামৰী ধাই আপোনাৰ ঘৰ।
নাৰায়ণ পৰশনে কহে পীতাম্বৰ॥ ৪৮
বৈশম্পায়ন বোলে কথা শুন নৰপতি।
ৰাজাৰ বচনে ধাই ভৰাইলন্ত আতি॥
কাম্পিতে কাম্পিতে গেল আপোনাৰ ঘৰ।
ঊষাৰ চৰিত্ৰ কহো আত অনন্তৰ॥ ৪৯
পৃষ্ঠা:উষা পৰিণয়.pdf/১৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
পীতাম্বৰী পুস্তক।