সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। ব্ৰহ্মা বোলে শঙ্কৰ গুহ দামোদৰ। সত্যে বোলো একহি শৰীৰ হৰি হৰ!! অন্ধকক বধিলে যেকালে দুইজনে! দেবেলাৰ ৰূপ কেনে পাসৰিলা মনে॥ ৮৭৭ বৃষভত নাৰায়নে গৌৰীয়ে সহিতে। খট্টাঙ্গ ত্ৰিশূল আদি শোভে দুইহাতে॥ ভষ্ম-লেপিত তনু ববিছাল অঙ্গ। কনক কুণ্ডল হাৰ বেপিয়া ভুজঙ্গে॥ ৮-৭৮ গৰুড়েৰ উপৰে চড়িয়া উমাপতি। দক্ষিণত লক্ষ্মী শোভে বামে সৰস্বতী॥ কণ্ঠত কৌস্তুত পীত বাস পৰীৰত। শঙ্খচক্ৰ গদা পদ্ম ধৰিয়া হাতত॥ ৮৭৯ ব্ৰহ্ম৷ বোলে ভূতনাথ পাসবিলা কেনে। একছি শৰীৰ ভিন্ন কৰা কি কাৰণে॥ হৰি হবে একতন্তু নাহি কিছু ভিন্ন। সৃষ্টি নাশ কৰিবাৰ পাতিলাহা চিহ্ন॥ ৮৮০ গোবিন্দক মানুষ কৰিয়া হেন জানি। আপোনাৰ শৰীৰ আপোনে নাহি মানি। হৰিৰ শৰীৰ হব দেখ ভালমতে। ব্ৰহ্মাৰ বচন শিৱ দৃঢ় কৈল চিত্তে॥ ৮-১ গোবিন্দৰ শৰীৰ নিবন্ধে উমাপতি এবায়ু বৰুণ বৈশ্বানৰ বহুমতী॥ দিনকৰ কুৰে অম্বৰ সুধানিধি। আপোনাক দেখে আগে পাছে দেখে বিধি॥ ৮৮২