পীতাম্বৰী পুস্তক। বিষ্ণু তেজ দিয়া জৰ কৰিলা নিৰ্ম্মান। দুই জৰে সংগ্ৰাম লাগিলা বিদ্যামান॥ অতি পৰচণ্ড বিষ্ণু জবেৰ মহিমা। কৈলাস পৰ্ব্বতে যেন নাহিকে উপমা॥ ৭৯০ আতি ভয়ঙ্কৰ নাদ কৰে বিপৰীত। আশুবী জৰক ধৰি পড়িলা ভূমিত॥ কোপে জৰাভৰক বান্ধিয়া পাৱে হাতে। গোবিন্দেৰ আগে আনি দিলেক ত্ববিতে॥ ৭৯১ জৰাগুৰে বোলে দেব দেব নাৰায়ন। ভুকুতি মুকুতি পদে তুমিসে কৰিণ॥ যতচৰাচৰ প্ৰভু তোমাৰ স্ৰজন। ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ সূৰ্যা আৰু দেবগণ॥ ৭৯২ আকাশ পৃথিবী জল সমীৰ ঔষুধী। সংসাৰ সংসাৰ কাজে আৰ ৰত ব্যাধি॥ ঠাকুৰ হৈয়৷ কেনে নফৰক মাৰ। আপুনি অতিয়া কেনে আগুনে সংহাৰ॥ ৭৯৩ হবেৰ আজ্ঞায় থাকো বানেৰ নগব। ঈশ্বৰৰ আদেশ কি ঠেলিবাৰে পাৰে॥ হৰি হব ভিন্ন বোলে কোন মুঢ় জনে। তুষ্ট ভৈলা নাবায়নে জৰাৰ বচনে। ৭৯৪ হৰি বোলে জব যে বৰ দিলো তোক। তোৰ মনে কি চিন্তহ যান্তে কহ মোক জৰাৰে বোলে প্ৰভু যাবে দিবা বড় প্ৰথমতে বৈষ্ণৱ জৰক দূৰ কৰ॥ ৭৯৫
পৃষ্ঠা:উষা পৰিণয়.pdf/১৫৬
অৱয়ব