এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পীতাম্বৰী পুস্তক
৭
বিজয় ময়ূৰধ্বজহে, তোমাক দিলা পশুপতি।
ভাঙ্গিয়া পৰিল কন্যা উপজিল ৰাতি॥
মুক্ত কেশ কৰিয়া গোসাই হে, হবি ছবি বিবসন হৈয়া।
অন্তঃপুৰে কন্যা এক বেৰায় কান্দিয়া॥ ৩৪
সপনে দেখিলো গোমাই হে, এহি কন্যাৰ কাৰণে।
হইল সংগ্ৰাম বৰ গোবিন্দৰ সনে॥
কোটি কৌটি অশুৰ সেনা হে, গোসাই বধিলা শ্ৰীহৰি।
দানৱ মৰণ লৈয়া জন্মিলা কুমাৰী॥ ৩৫
মহাদেৱৰ কথা কহো হে, যে তোমাক দিলা বৰ।
তিনি দেৱ ভিন্ন নাহি ব্ৰহ্মা-হৰি-হৰ॥
কেহো স্ৰজে কেহো পালে হে, কেহো সংহাৰে আপোনে
সংসাৰ ভাণ্ডিতে বেড়াই এই তিনিজনে॥ ৩৬
ৰাৱনক বৰ দিলা হে, হব ৰূপে নাৰায়ন।
ৰাম ৰূপে সংহাৰ কৰিলা সেই জন॥
নাজানি সকল দেৱে হে, গোসাই কি কৈল যুগুতি।
দানৱেৰ বিনাশে কন্যাৰ উতপতি॥ ৩৭
আপদ খণ্ডোক গোসাই হে, হবি ছবি কৰাহা আদেশ।
আলক্ষিনী কন্যা কৰি জলত প্ৰবেশ॥
কোপে বোলে দানৱ ৰাজ হে, ছবি হবি ধাইৰ বচনে।
নাৰায়ণ পৰশনে পীতাম্বৰ ভণে॥ ৩৮
⸺:•:⸺