পীতাম্বৰী পুস্তক। অনন্তৰে অঙ্গিৰা সমৰে পৰবেশ। গৰুড় কঙ্কত যোৱা দেখি হৃষিকেশ॥ শত সংখ্যা বোবন্ধে বেঢ়িলা সেনাগণ। মাৰ মাৰ কোলাহল যিলিলা তেখনে॥ ৭৪২ সেনাৰ শব্দ শুনি কোপে বৰ্গপতি। পথাৰ পৱনে খৰতৰ কৈল আতি॥ গখাৰ বতাসে সেনা গৈলা দিশ। দিশে। নাসাৰ সমীৰে সেনা যায় আৰু আসে॥ ৭৪৩ ৰথে সমে অঙ্গিৰা যোজন দশ গৈলা : নাসাৰ পৱনে আৰবাৰ আসি ভৈল আৰবাব যাৰ আৰবাৰ আসে তথ্য। পথা বাৱে কৈল তাৰ দশমী অৱস্থা॥ ৭৪৪ গৰুড়ৰ বিক্ৰম দেখিয়া সেনাগণ। দিশে দিশে পলাইয়া ৰহিলা ভয় ন যাহাৰ বাহন পক্ষা ৰাতে নোহে স্থিৰ। সেজনা সহিতে বুঝিবেক কোন বাৰ॥ ৪৫ অঙ্গিবা দেখায় সেনা সকলে পলায়। বিপৰীত কোপে তাৰ কাম্পে সৰ্ব্ব গায়। গোবিন্দক দেখিলা সতৰি তীক্ষ্ণ বানে। বলভদ্ৰ মদনক ভেদিলা সন্ধানে | १ সবাহাকে অঙ্গিৰা ভেদিলা তীক্ষ্ণশৰে। সিংহনাদ কৰিলেক তাহাত অন্তৰে | সেনাগণে অঙ্গিবাৰ বিক্ৰম দেখিয়া। 580 প্ৰথমে পলাইলা পাছে আইলা বাহুৰীয়া॥ ৭৪৭
পৃষ্ঠা:উষা পৰিণয়.pdf/১৪৮
অৱয়ব