পীচাৰী প্ৰস্তক কুমাৰক হবিতে আইল চিত্ৰলেখা। মায়ায়ে লৈ গেল ঊষা লগ্নে কৈল দেখা॥ গন্ধৰ্ব্ব বিবাহে ঊষা কৈল পৰিশয়। দুইৰে৷ মিলিল অতি আনন্দ হৃদয়। ৬৭৬ অনুচৰে বণিকে কহিল এহি কথা। কুনাৰ আনিতে সৈন্য পঠাইলন্ত তথা॥ তাৰ ননে অনিৰুদ্ধ কৈল ঘোৰ বৰ্ণ। যতসেনা আইল নংহবিল জনে জন। ৬৭৭ শুনিয়া কোপিল বান প্ৰচণ্ড অন্তৰ। প্ৰমথগণক তবে পঠাইল প্ৰচুৰ সে গণ সহিতে ভৈল যুদ্ধ ভয়ঙ্কৰ। মাৰিল অনেক সেনা কামেৰ কুমাৰ। ৬৭৮ বানাগুৰে আপোনে ধাইল অৱশেষে। আছিলো তেখনে যুদ্ধ চাহিয়া আকাশে বৃত্ত-বাসবেৰ যেন ভৈল ঘোৰৰণ। মাবিল কুমাৰ অসংখ্যাত সেনাগণ॥ ৬৭৯ ন্যায় যুদ্ধে নোৱাৰিব বানে হেন জানি। কৰিয়া তামসী মায়া লুকাইল তেখনি॥ মায়াবণে দৈত্যপতি থাকিল আকাশে। বান্ধিলা কুমাৰ তবে ব্ৰহ্ম নাগ-পাশে। ৬৮ • পৃথিবীত পৰিল কুমাৰ বন্দী হুয়া। কাটিবাৰ উদ্যোগ কৰিল খৰ্গ লৈয়া॥ মন্ত্ৰিবৰ কভাণ্ড দৈত্যেৰ পৰধান। তাৰ বোলে কুমাৰেৰ বহিল পৰান॥ ৬৮১ ১২৯
পৃষ্ঠা:উষা পৰিণয়.pdf/১৩৭
অৱয়ব