কৰজোড়ে বোলে দেৱ পৰম ঈশ্বৰ।
যেৱে বৰ দিবা কহো অৱধান কৰ॥
তোমাৰ তনয় দেৱ কাৰ্ত্তিক গোসাই।
বড় দিয়োহুঁ আমি তান শ্ৰেষ্ঠ ভাই॥ ১৭
দেবি হৌক মায় বাপ তুমি ত্ৰিনয়ন।
বৰ দেহা গোসানীৰ কৰো স্তন পান॥
স্বৰ্গ মৰ্ত্ত্য পাতাল মোহোৰ হৌক বশ।
তিনি লোকে ঘোষে যেন মোৰ বীৰ যশ॥ ১৮
আমাৰ নগৰে প্ৰভু থাকিবা সদায়।
যেথানে সুমৰো তৈতে দেখিবো সদায়॥
বানেৰ বচনে হাসে দেৱ উমাপতি।
কি কহে দানৱে কথা শুনাহা পাৰ্ব্বতি। ১৯
পুত্ৰৱতে অসুৰত দেহন্তোক বৰ।
ইতিনি ভুৱনে যেন হোৱে মহাবীৰ॥
যে শৌণিতপুৰে কাৰ্ত্তিকৰ উতপতি।
সেহি দিনা দানৱক দিলা পশুপতি॥ ২০
তিনিলোকে হৌক তোৰ প্ৰতাপ প্ৰচণ্ড।
সংসাৰ জুৰিয়া যশ ৰহোক অখণ্ড॥
পলাইবে তোহোৰ ভয় দেৱতা নিশেষে।
মন কৈলে আমাক দেখিবি তোৰ দেশে॥ ২১
যত বৰ চাহিলা সকলে দিলো বৰ।
অনন্তৰে মহামায়া দিলা স্তন খীৰ॥
পাইল ময়ূৰধ্বজ দানৱ প্ৰধান।
কৈলাশে আসিলা বৰ দিয়া ত্ৰিনয়ন॥ ২২
পৃষ্ঠা:উষা পৰিণয়.pdf/১২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪
পীতাম্বৰী পুস্তক।