সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক ' আপুনি আসিলো যদি তভো গালি পাৰে। মাংস কাটি বচন পড়িল গিয়া হাড়ে॥ যুঝিতে যুঝিব হেন শাস্ত্ৰ ব্যবহাৰ। মাৰিব কুমাৰ দোষ নাহিকে আমাৰ॥ ৫- নিঃশব্দ ভৈল মন্ত্ৰি বচন শুনিয়া। নাপাইল উপাৰ কিছো মনত গুণিয়া। থাকিল কুমাৰ বন্দী হুৱা নাগ-পাশে॥ সসৈন্যে দানৱ ৰাজা চলিল আবাসে॥ ৫৭৯ দানৱ সেনাৰ বৰ আনন্দ অপাৰ। সিদ্ধমুনি দেৱগণে কৰে হাহাকাৰ॥ পুৰী,গীবি, নদী, নদ কান্দে, পশু পক্ষী। পাতালেৰ নাগগণ সবে মন দুখী॥ ৫৭২ সাগৰে ছাড়িল উৰ্ম্মি নাবহে সমীৰ। যত নদ-নদী স্ৰোত সবে ভৈল স্থিৰ। সেদিনে ছাড়িলে ৰবি শশি পৰচণ্ড। শোকাকুলে যমেৰ হাতেৰ গৈল দণ্ড॥ ৫৭ কান্দে লোকপতি দেখি কুমাৰ বন্ধন। সেদিনে ছাড়িল সৃষ্টি স্থিতি সংহাৰণ। শোকে উদ্দ জন নাছড়িব বৈশ্বানৰ। মন্দকচি গগণত হৈল সুধাকৰ॥৫৭৪॥ কুবেৰ ৰকণ আদি দশ দিগপতি। সপত সাগৰ কান্দে সপ্ত বহুমতী॥ অষ্টবসু নৱগ্ৰহ আৰু পুৰন্দৰ। গন্ধ ৰাক্ষস কান্দে যক্ষ বিদ্যাধৰ || ৫৭৫