শ্ৰৱন ৰমন কথা শুনা একমনে।
নাৰায়ন পৰশনে পীতাম্বৰে ভণে॥
যেন যতে চিত্ৰলেখা হৰিলা কুমাৰ।
হৈল গন্ধৰ্ব্ব বিহা সহিতে উষাৰ॥ ১১.
শুনিয়াসে বাণাসুৰ আইল বৰ ৰোষে।
যিমতে কুমাৰক বান্ধিলা নাগ পাশে॥
নাৰদে জনাইলা গৈয়া দেৱ নাৰায়ন।
শুনিয়া কৰিলা কোপ দৈৱকী নন্দন॥ ১২
গৰুৰে চৰিয়া আইলা শৌণিত নগৰ।
সঙ্গে কামদেৱ আৰু বীৰ হলধৰ॥
আগ বাঢ়ি দৈত্য ৰাজা কৰিলেক যুদ্ধ।
চক্ৰে হানি ছেদিলেক সহস্ৰেক ভুজ ॥ ১৩
সেৱক ৰাখিতে তেৰে আসিলা শঙ্কৰ।
শুনি কহি যেমনে যুজিলা হৰি হৰ॥
বৈশম্পায়নে বোলে কথা শুনা জন্মিজয়।
প্ৰচণ্ড দানৱ বাণ বলিৰ তনয়॥ ১৪
তপ কৈলা বাণাসুৰে অনেক বৎসৰ।
ভৱানী সহিতে তুষ্ট ভৈলন্ত শঙ্কৰ॥
চড়িয়া বৃষভ কন্ধে কোলে মহামায়া।
আইলা দেৱ মহেশ্বৰ কৈলাশ ছাড়িয়া॥ ১৫
কি কাৰ্যে কৰহ তপ বোলে উমাপতি।
বৰ লহ তোৰ তলে তুষ্ট ভৈলো আতি॥
বাণাসুৰে দেখিলা আইলা গঙ্গাধৰ।
প্ৰণাম কৰিয়া স্তুতি কৰিলা বিস্তৰ॥ ১৬
পৃষ্ঠা:উষা পৰিণয়.pdf/১১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পীতাম্বৰী পুস্তক।
৩