300 পীতাম্বৰী পুস্তক } তিল এক সহ কবো দানৱ সকল। অৱশ্যে কান্দিয়া প্ৰিয়া হইবেক বিকল শুনিয়া বচন কোপে জুলিল ৰাজাৰ। পঞ্চশত হাতে বীৰ কৰিল প্ৰহাৰ॥ ৫২৫ অনিৰুদ্ধ বধো অজি বোলে দ্বৈতাপতি। সন্তৰি সহস্ৰ শৰ কৈল শীঘ্ৰগতি॥ খৰ্গলৈয়া কুমাৰে চিন্তিল নাৰায়ণ। তিলসম কৰিয়া কাটিলা বানগণ॥ ৫২৬ আৰ যত যত বৰিষিল শব্ জালে। সকলে বিফল কৈল চৰ্ম্মেৰ উঘালো॥ হাসে অনিবদ্ধ বীৰ নিৰ্ধাৰিয়া শৰ। প্ৰভাতে উদিত যেন ভৈলা দিবাকৰ। ৫২% শৰ নাশ ভৈলা হেন দেখি বানাশুৰ। আৰ পঞ্চশত শৰ ধৰিল প্ৰচুৰ॥ নাহি লেখা জোখা, যাৰ মিষিত প্ৰচণ্ড! ৰতনে ৰঞ্জিত যেন দেখি যমদণ্ড॥ ৫২৮ হেনসব শৰ প্ৰহাৰিল বৰ্ণমুখে। ফুটিল কুমাৰ বুকে পিঠে বড় দুখে॥ শোণিতৰ ধাৰ বহে ফুটিয়া শৰীৰে। বড় চোটে সংগ্ৰামে জলিল যদুবীৰে॥ ৫২৯ বামহাতে চৰ্ম্ম তীখ স্বৰ্গ আউৰ হাতে। লাম্ফ দিয়া চলে বান ৰথত ছড়িতে॥ আছয় কুমাৰ দৈত্যে দেখিলা সাক্ষাতে। অস্ত্ৰচৰ লৈল বীৰে সহস্ৰেক হাতে॥
পৃষ্ঠা:উষা পৰিণয়.pdf/১০৮
অৱয়ব