সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। কানেৰ কুমাৰ কোপে বোলে আৰবাৰ। বোলবে দানব দুষ্ট শুনা দুৰাচাৰ। তোৰ ঊষা আমাক বৰিল মনোমানে। কৰিলু গন্ধৰ্ব্ব বিবাহ যেহেন বিধানে॥ ৫১৩ যখনে উপজে কন্যা তেখনে পৰৰ। উপযোগ জানি ঊষা ভজিল আমাৰ আমাক জিনিয়া কন্যা দিবে আনজনে। হেন জানি সংগ্ৰামক আইলি কোপ অনে॥ ৫১৪ দানৱ হিংশুক সে জানয় ত্ৰিভুৱনে!! ধৰ্ম-কাৰ্য বিপ্ৰ নিন্দা কৰে ৰাত্ৰি দিনে॥ গৰ্বিত পাপীষ্ঠ দুষ্ট, বৰ্ব্বৰ অশুৰ। আপোনাৰ দোষে দৈত্য চল যদপুৰ॥ ৬১৫ শাস্ত্ৰ ব্যৱহাৰ কিছে৷ অশুৰে নাজানে। মোভাধিক নাহি অব হেন মনে মানে কুমাৰেৰ বচনে কোপিত দৈত্যপতি! বোলে চুৰা মোক অহঙ্কাৰ কৰে আতি॥ ৫১৬ কৰো দৰ্শন আজি যমেৰ নগৰী I ভুমিত পৰিয়া থাক প্ৰাণ পৰিহবি॥ আজি মোৰ হাতে তোক কে ৰাখিতে পাৰে। শিৰশ্ছেদ কৰো তাৰ খৰ্গৰ প্ৰহাৰে। ৫১৭ মহা কোপে চলিল দানব পঞ্চশত হাতে বীৰ ধৰিল পৰচণ্ড। কোদণ্ড | ঘনে ঘনে গৰ্জে যেন মেঘেৰ সম্বাদ। ৰৰে ওপৰে বীৰ কৰে সিংহনাদ॥ ৫১৮