এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী পুস্তক। (d) ( বাগ -গুঞ্জৰী ) উঠ প্ৰাণনাথ হে! - উঠ প্ৰাণনাথ ধৰো চৰণে। ৰাজা আইল বাইস চলিয়া ৰণে চতুৰঙ্গ দলে আসিল পিতা। নাশুন বোল শুনিলা নাই চিন্তা॥ মেদিনী কাম্পে সেনা পয়েভিৰে। কেমনে তাক বুঝিবা একেশ্বৰে। ৪৮৪ পঞ্চশত হাতে লৈয়া কোদণ্ড। দানৱ ৰণে শাইল পৰচণ্ড॥ ত্ৰিভুবনে যাৰ না সহে টান। গৰ্ব্ব কৈলে প্ৰভু লৈৰ পৰাণ॥ ৪৮৫ মুষ্টিৰ চোটে মহীধৰ ভাগে। কোপ কৈলে যম নাবহে আগে॥ নয়ন পুতলি তোমাৰ তনু। দোষব নাহি তাতে শব ধনু॥ ৪৮৬ মোক লৈয়া যাহ তেজিয়া লাজ। কৰ দৰ্শন দানৱ ৰাজ॥ সত্যে বোলো প্ৰভূ দেখিলে তোক। তেজিব অতি সব মন শোক॥ ৪৮৭ ঊষাৰ বোলে অনিৰুদ্ধ হাসে। কেনে প্ৰিয়ে তোক পাইলে তৰাসে সকলে দানৱ বধিবে ৰণে। হৰিৰ দাস পীতাম্বৰে ভণে॥ ৪৮৮