পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
অসমীয়া মহাভাৰত।

ভিন্ন গৃহে কৰি কুৰুক্ষেত্ৰে গই তথা।
ৰাত্ৰি দিনে শুনে কুৰু পাণ্ডৱৰ কথা॥ ৯৯৮
কৌৰবৰ যদি ভীষ্ম সেনাপতি ভৈল।
শুনি দশো দিশত ৰোলক উঠি গৈল॥
হস্তীগণে দিলা ঘোৰ শবদ আস্ফাল।
শুনি সবে প্ৰজাৰ কৰ্ণত মাৰে তাল॥ ৯৯৯
সঞ্জয়ত পোছে ধৃতৰাষ্ট্ৰ মহীপাল।
শুনিয়ো সঞ্জয় ইটো কিসৰ ঘঞ্চাল॥
দশো দিশে শুনি কিয় আনন্দ বঢ়াই।
নানা বাদ্য ভণ্ডে মোৰ কৰ্ণ ফাটি যাই॥ ১০০০
সঞ্জয় বদতি শুনিয়োক নৰপতি।
দোৰ্য্যোধনে ভীষ্মক পাতিলা সেনাপতি॥
তুম্বুল নিসান ৰোল বাদ্য শুনা মানে।
সৈন্যৰ মহলা ভীষ্ম কৰন্ত আপোনে॥ ১০০১
প্ৰথমতে শুনা ৰাজা শঙ্খ ধ্বনি গোট।
অসংখ্য দুন্দুভি মত হস্তীৰ আস্ফোট॥
সীমা সংখ্যা নাহি যত অসংখ্য পদাতি।
ভীষ্মক মহলা দিলে শল্য নৰপতি॥ ১০০২
তাহাৰ সেনাক ভীষ্ম লেখিলেক যত।
গাৱে গাৱে বস্ত্ৰ অলঙ্কাৰ দিলা তত॥