পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
অসমীয়া মহাভাৰত।

আগহুই চলা মোৰ ভ্ৰাতৃ দুঃশাসন।
কুৰুক্ষেত্ৰে গৃহ সজায়োক বিতোপন॥৯১৮
উত্তম দিবসে কালি চলি যাইবোঁ আমি।
বৈৰী বিনাশিলে পাইবো অকণ্টকা ভূমি॥
বাহুবলে পিতামহে জগত জিনিলা।
দ্ৰোণৰ বীৰত সুৰাসুৰে প্ৰশংসিলা॥৯১৯
ত্ৰিভুবনে পৰাক্ৰমী কৰ্ণ মহাবল।
সমৰক মনে সমদল কালি চল॥
বৈসম্পায়ন বদতি শুনিয়ো জন্মিজয়।
এহিবুলি দোৰ্য্যোধন ৰাজা আদেশয়॥৯২০
শুনি ধৃতৰাষ্ট্ৰৰ যুদ্ধক মন ভৈলা।
বিদুৰক মাতি ৰাজা বুলিবাক লৈলা॥
ধৃতৰাষ্ট্ৰে বোলে বাপু শুনিয়ো বিদুৰ।
নানাবিধ যুদ্ধ তই জানস প্ৰচুৰ॥৯২১
দেবতাৰ অসুৰৰ যুদ্ধক জানস।
যি মতে যুজয় যক্ষ গন্ধৰ্ব্ব ৰাক্ষস॥
যি মতে পিশাচে যুজে গুহ্যক সকল।
কৌৰবক তাকে শিখায়োক মহাবল॥৯২২
সমৰক চলি যাউক কহিয়ো মন্ত্ৰণা।
পাণ্ডবক নিজিনিব উপায়ত বিনা॥