পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
উদ্যোগ-পৰ্ব্ব

অপুত্ৰক কুন্তভোজ নৃপতিৰ ঠান।
সুৰশেন পিতৃ মোক দিলন্ত বিলান॥৮১০
কুন্তভোজে আমাক নিলন্ত নিজ গৃহে।
জীৱ বুলি আমাক তোলন্ত হাবিয়াসে॥
তান গৃহে আসি ঋষি দুৰ্ব্বাসা মিলিল।
সেবা কৰিবাক মনে-পিতৃ মোক দিল॥৮১১
পৰম প্ৰচণ্ড ঋষি তান বাক্য জানি।
যতনে সেবিলো মই কায় বাক্য মানি॥
ঋষি তুষ্ট হুয়া মন্ত্ৰ কহিলা বুজাই।
তাকে পঢ়ি মাতিলে দেৱক লগ পাই॥৮১২
একদিনা মই ফুল তুলিবাক গৈলো।
প্ৰভাততে দেৱ দিবাকৰক দেখিলো॥
তাঙ্ক দেখিবাক মনে কুতুহল বৰ।
চঞ্চল চৰিত্ৰ নুগুণিলো পূৰ্ব্বাপৰ॥৮১৩
মন্ত্ৰৰ পৰীক্ষা চাহিবাক মনকৰি।
দেৱ দিবাকৰক মাতিলো মন্ত্ৰ পঢ়ি॥
তেতিক্ষণে ৰবি আসি ভৈল উপস্থিত।
হেন দেখি আমাৰ সংশয় ভৈল চিত॥৮১৪
চৰণত প্ৰণামিয়া বুলিলোহো বাক।
মন্ত্ৰৰ পৰীক্ষা চাইলে ক্ষেমিয়ো আমাক॥