সমললৈ যাওক

পৃষ্ঠা:উদ্ধৱযান নাট.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ধযান নাট ২৩ সূত্র ।। ভো ভো সভাসদ, যে সকল সুৰাসুৰ বন্দিত পাদপদ্ম, সয়ল সংসাৰ যাকৰ স্ৰজনা, যাৰেহি নামে মহাপাপীসব সংসাৰ নিস্তৰে, সোহি পৰমেশ্বৰ শ্ৰীশ্ৰীকৃষ্ণ দৈৱকী গর্ভে জনম লভিয়ে কংসক ভয়ে গোকুল গৈএ কহো মনুষ্য ভাৱ দৰশিয়ে বহুবিধ লীলা কয়ল। তদনন্তৰে পুনু মথুৰাপুৰী প্ৰৱেশি কংসক মাৰি উগ্রসেনক ৰাজা কয়ল, পিতাক-মাতাক বন্ধন ছোড়ল, গুরুগৃহে শাস্ত্ৰসৱ পঢ়ি পুনু মধুপুৰী আৱল, উগ্রসেনে কৃষ্ণক যুৱৰাজ কয়ল : মথুৰা নগৰে বৈকুণ্ঠ সম্পদ মিলল, শ্রীকৃষ্ণ মথুৰাপুৰে পৰম কৌতুকে ৰহল ঃ তদনন্তৰে কৃষ্ণক বিয়োগে গোপী সৱ যে দুঃখ পাৱল, তাহেক পথিক মুখে শুনিয়ে উদ্ধৱক পঠায়া শান্ত কৰাৱল। সোহি উদ্ধৱ সম্বৱাদ নাম নাট ওহি সভামধ্যে কৰৱ, তাহেক সাৱধানে দেখহ শুনহ ।। পুনঃ সূত্র ।। আকাশে কর্ণংদত্বা, আহে সংগী কি বাদ্য বাজৈছে।। সংগী বোল ।। আহে সংগী, দেৱদুন্দুভি বাজত। আঃ দেৱ দুন্দুভি বাজত।। আঃ শ্রীকৃষ্ণ মিলল।। সূত্ৰ ৷৷ শ্লোক ৷৷ প্ৰৱেশমকৰোৎ কৃষ্ণঃ সংগে বীৰোদ্ধৱস্তদা। ছত্ৰ চামৰ সংযুক্তো যোগেশঃ সহ যাদরৈঃ।। ভো ভো সভাসদ, প্রথমে উদ্ধৱ সাত্যকি সুনন্দ নন্দ প্ৰমুখ্যে যাদৱগণ সহিতে যৈচে সভামধ্যে শ্রীকৃষ্ণ প্ৰৱেশ কয়ল তাহে দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল ।। ধ্ৰুং ।। পদ ৷৷ ১. গীত, ৰাগ—সিন্ধুৰা একতালি।। আরে যদিৱৰাজ কয়ো পৰৱেশ। সংগে উদ্ধৱ বীৰ যাদৱ নিশেষ।। ছত্ৰ চামৰ ধ্বজ যোগান আশেষ । আনন্দে ৰতন মন্দিৰ পৰৱেশ।। তনু নর নীৰদ পৰিত পীতবাস। পঙ্কজ নয়ন বয়নে মন্দহাস।। মুকুট কুণ্ডল হাৰ ঋণকে শৰীৰে ৷ কহয় গোপাল হৰি পদ ধৰি শিৰে ।।