৩৮ উদ্ধযান নাট ২০.গীত, ৰাগ—সুহাই ৷৷ প্ৰাণ মেৰি বিচুৰি জীৱ মেৰি তেজিয়া নতাই কাহে লাগি। উদ্ধৱ বিনে হৰি জীরো অভাগি।। পদ ৷ দহয় বিৰহানলে প্রাণ। সূত্র ।। কথা ॥ সূত্র ।। উদ্ধর, জুৰীহব অধৰ মধু দান।। পদযুগ কুচ মহ থাপি ৷ আরত কি ধৰবো বুকে চাপি৷৷ কন্ঠে আলিংগিয়া বা মেলি। ভেবো আৰ ৰাস কেলি।। নহয় গোপাল মতি হীনা । গোপী প্রাণ ভতে নাহি নন্দসূত বিনা।। আহে সামাজিক লোক, গোপী সৱৰ পৰম প্ৰেম ভকতি দেখি উদ্ধৱে কৃষ্ণ বাক্য সন্দেশে যৈচে শান্ত কৰাৱল।। - উদ্ধৱ বোল।। আহে গোপিসৱ : তোহোঁ পৰম ভাগ্যৱতি : লোকৰ পুজিত ভেলি : ঈশ্বৰ কৃষ্ণৰ চৰণে ঃ জি হেতু একান্ত চিত নিবেদল ঃ তোৰাসৱক কৃষ্ণে : জে বুলি পঠাৱল তা সুন্হ।। তোহো বিৰহ তাপ চাহ : হামো জগতক নাথ ঃ তোহ্মাৰ হামাৰ কতিহোঁ বিয়োগ নাহি : জৈচে জল বায়ু আকাস জগত-ব্যাপক হামো সোহি মত। ওহি জগত আপুনি স্ৰজোঁ : আপুনি পালোঁ : আপুনি সংহাৰোঁ : দোষ গুণে পাৰৱে নাহি ঃ হামো পৰম নিৰ্ম্মল ইহা জানি তাপ চাৰহ।। আহে সমাজিক লোক ঃ ওহি সুনি পুনঃ গোপি জে বোলল : (তা সুনহ)।। গোপী বোল ।। হে উদ্ধৱ : ওঁহি জৱ সত্য হয় : হামাক কৈচে চাৰল।। পূন ঃ উদ্ধৱ বোল ।। আহে গোপিসৱ : শ্ৰীকৃষ্ণৰ বাত সুনহ।। হে গোপীসৱ ৷৷ সততে দৰসনে ঃ প্ৰেম উপজয় : ওহি নিমিতে বিদুৰ ভেলো : দেখিতে নপাই মোক : তোৰাসৱৰ মনে সততে সুমৰোক ঃ ইহা জানি হামাক অসুৱা কৰবি নাহি ।। সূত্র ।। আহে সামাজিক লোক ঃ ওহি সুনি গোপিসৱ : কিঞ্চিত কটাক্ষ বোলয়ে লাগল ।।
পৃষ্ঠা:উদ্ধৱযান নাট.pdf/১৯
অৱয়ব