এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ধ্ৰু ।। পদ ৷৷ ধ্ৰুং ।। পদ সূত্ৰ ৷৷ উদ্ধযান নাট নিশিসর বঞ্চল জাগি । ভেলি মাধর বধ ভাগি।। মান—একতালি ৷৷ কৈছে কেশর পুনু পহি দুখ বিমোচন ৰাজীৱ লোচন চৰণ নাহেৰি জীৱ যায়।। উদ্ধর বন্ধু মধুপুৰী প্রাণ হামাৰি জীৱন হামাৰি । যদুপুৰী পারল পুনু নারল কত সহবি বিৰহ কুমাৰী ।। কহ মোহে কানুক রাতে। নন্দ নন্দন পুনু আরব গোপপুৰী পৰশি জীয়ারব হাতে।। তাল চুটা।। ৩৭ কহ মোহে উদ্ধর জীউ। কৈছে ছাড়ল গোষ্ঠ কৃষ্ণ প্রাণ পিউ।। পতি সুত সুহৃদ সরহু অভিলাস। ছোড়ি কয়লো কৃষ্ণ চৰণকু আশ।। তরহু ৰহল মেৰি বন্ধু মধুপুৰী। নিকৰুণ কাণু নাৱে অৱস্থ বাহুৰি।। ব্রজকু জীৱন ধন নন্দ কুমাৰ ৷ বিচোৰল পূৰৱক সুনেহ হামাৰ ৷৷ কৈছে ধৰব অর ব্রজবধু প্রাণ। কৃষ্ণ কিঙ্কৰ ৰস শঙ্কৰ ভাণ৷৷ আহে সামাজিক, দেখু দেখু পুনঃ গোপীসৱ প্রেমে বিকল হুয়া যৈচে উদ্ধৱত পুচয়ে লাগল তাহে দেখহ।।