ধ্ৰু ।। উদ্ধৱযান নাট ৩৫ লগাই উদ্ধৱক যে বোলল তা দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল ।। ১৭. গীত, ৰাগ-শ্রীগান্ধাৰ, জৌতি তাল ৷৷ আহে শুন মধুকৰহে বুজলহো তোহোৰ অভিপ্ৰায় । হামাৰি পাশক দূত কৰি তোক ষটপদৰে জানলো পঠাল মাই।। পদ ৷৷ তোহাৰি কানুৰ সংগে পীৰিতি নকৰো ামুৰে কপটী যাহেৰ সম নহি । তঞি যেন মধুক পৰম দাৰুণ চিত্তৰে পুষ্প চুম্পি নোশোধ দুর্নহি।। সতিনীৰ কুচ কুঙ্কুম চৌৰ তোৰ হে’ পৰশিবি নাহি মেি পতি গোপিনীক প্ৰেম ভকতি বৰ আকুল ৰে' সূত্র ।। দীন গোপালে গুণ গতি।। আহে সামাজিক লোক, দেখু দেখু গোপীসৱ পুনঃ ভ্ৰমৰক সম্বুধি বোলয়ে লাগল ।। গোপীসৱ বোল ৷৷ আহে ভ্ৰমৰ, তোহো যাহে ৰত হামু জানো, তোহাৰ কৃষ্ণৰ কথা কহবি নাহি, হামু শুনবো নাহি, সোহি কৃষ্ণৰ কথা পৰম দাৰুণ, ইহাক যে কর্ণ পাতি শুনয়, ধর্ম অর্থ কাম, বন্ধু- বান্ধৱৰ সংগ বিয়োগ কৰাৱে, ঐচন কৃষ্ণৰ কথা কহবি নাহি।। আহে সামাজিক লোক, ওহি বুলি গোপীসৱ ভ্ৰমৰক এৰি উদ্ধৱক পুচয়ে লাগল তা দেখহ ।। সূত্ৰ ৷৷ ধ্ৰুং ।। ১৮.গীত, ৰাগ—তুৰ বসন্ত, মান—জৌতি৷৷ কহৰে উদ্ধৱ কহ প্রাণেৰ বান্ধৱ হে প্রাণ কৃষ্ণ করে আরে। পুচয়ে গোপী প্রেম আকুল ভাৱে নাহি চেতন গারে।। 25,086/A
পৃষ্ঠা:উদ্ধৱযান নাট.pdf/১৬
অৱয়ব