09 পদ ৷৷ সূত্র ৷৷ নন্দ বোল সূত্ৰ ৷৷ উদ্ধযান নাট সৱ পেখল, গোপ গোপীসৱ বস্ত্ৰ অলঙ্কাৰে অলঙ্কৃত হয়ে কহো প্ৰেম ভাৱে হৰিগুণ গীত গাইতে আছে, ঘৰে ঘৰে অসংখ্য প্ৰদীপ অগুৰু ধূপবাসে নগৰ সুবাসিত কৰিতে আছে : অসংখ্যাত গৰুৰ ধূলিয়ে পন্থাবৃত হয়া আছে। সোহি সময়ে উদ্ধৱ নন্দৰ ঘৰে প্ৰৱেশ ভেল, নন্দে উদ্ধৱক পৰম সাদৰে আলিংগি ধৰিয়ে গৃহে আনি কহো বিষ্ণু বুদ্ধি কয়ে বহুবিধ পূজা কয়ল, ষড়ৰসে পঞ্চামৃতে ভোজন কৰাৱল, শয়নক লাগি সুৱৰ্ণ খাট দেলহ, উদ্ধৱৰ শ্ৰমদূৰ ভৈলঃ দেখি নন্দে পৰম সাদৰে ৰাম কৃষ্ণৰ বাত পুচয়ে লাগল। তাহে শুনহ।। ১১.গীত, ৰাগ—সুহাই।। পুচয়ে নন্দে আনন্দে আতি। প্ৰৱেশিয়া মধুপুৰ মাৰি বৈৰী কংসাসুৰ সুখে কি আছন্ত পালি জ্ঞাতি।। একুঞ্জ নিকুঞ্জ বন গিৰিবৰ গোবৰ্দ্ধন কালিন্দী পুলিন গোপগৰু মোহোৰ পালন ধন বুলি প্ৰভু নাৰায়ণ। স্মৰা কি ভকত কল্পতৰু । শুনতে উদ্ধর প্রাণ আৰকি আমাৰ থান বাৰেক মিলব প্রাণ হৰি । দেখি দূৰ হৈব দুখ সুন্দৰ কমল মুখ আনন্দে দেখিবো নেত্ৰ ভৰি ।। উদ্ধৱক সম্বুধি বোলয়ে লাগল।। পুনঃ নন্দে ।। হে উদ্ধৱ, শ্ৰীকৃষ্ণ যেন প্রাণ বন্ধু তাহে শুনহঃ মখ ভংগ খংগে ইন্দ্রে বাত বৃষ্টি কয়ল, তাহেত হামাক ৰাখল, বন বহ্নিত ৰক্ষা কয়ল, অঘ বক ধেনুক পুতনা আনো বহু বিধ ভয় হন্তে ৰক্ষা কৰৈছে। ওহি বুলি নন্দে গৰগদ বাক্যে প্রেমে কন্ঠ নিৰোধ কয়ে মৌনে ৰহল।। তদনন্তৰ যশোৱা কৃষ্ণক চৰিত্ৰ শুনিয়ে পৰম আকুল হুয়া বিলাপ কৰিতে লাগল, তা শুনহ।।
পৃষ্ঠা:উদ্ধৱযান নাট.pdf/১৩
অৱয়ব