২৮ ধ্ৰুং ।। উদ্ধযান নাট ৮.গীত, ৰাগ-কৌ, পৰিতাল/একতালি চলৰে চল বন্ধু উদ্ধর হে সুমৰি গোকুল মন দহে। গোপী আকুল হামু ৰিহে ।। পদ ৷৷ সুমৰি সুমৰিমন ঝুৰয়ে ঘনে ঘন ধৰিতে নপাৰো হিয়। হামাতে নিতে নিত সুম্পি প্রাণ চিত্ত সয়ল গোপিনী ধৰে জীৱ ৷৷ পুত্ৰ পৰিয়াৰ ছাড়ল নিৰন্তৰ হামাতে কয় পতি আশা। মাধর দাস দীন কহয় ভকতি হীন হঞ হৰি দাসকু দাসা । । সূত্র ।। আহে সামাজিক লোক, ওহি বুলি শ্রীকৃষ্ণ প্রেমপত্র লেখি উদ্ধৱক হাতে দেলহ, আপুনাৰ বসন ভূষণ সাৰুপ্য নিঝোজন কয়ল। সোহি সময়ে গোপীৰ প্ৰেম-ভকতি সুমৰি বিহ্বল হুয়া শ্রীকৃষ্ণ উদ্ধৱক হাতে ধৰি যে বোলল তা দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল ।। ৯. গীত, ৰাগ—ভূপালি, একতালি মান/জৌতি ধ্ৰুং।। পদ ৷৷ বিৰহে আকুল গোপী হামাকু নিমিত্ত ঝুৰে নয়নক নীৰ থিৰ নোহে চিত্ত।। যাধর কহই উদ্ধর ধৰি হাত। কহ মোহে গোপিনীক সন্দেশ রাত।। জানয়ে নাহি গোপী মোহি বিনে আন । দেহু রোধ উদ্ধর গোপীক বহু প্রাণ।। তাল চুটা।। নাহি সুহৃদ মোহে গোপিনী সমান । তাহেৰ দুখ শুনি চুটে মেৰি প্ৰাণ।। এ উদ্ধর চল গোকুলক লহি । সুমৰিতে মোহে গোপিনীক জীৱ যায়।
পৃষ্ঠা:উদ্ধৱযান নাট.pdf/১১
অৱয়ব