এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমিশ্ৰ যোগ
৬ষ্ঠ উদাহৰণ
২৯+১৬=কিমান?
২১ + ১০ = ৩৯; ৩৯+৬=৪৫।
প্ৰশ্ন—কিমান হয় কোৱাঁ :—
৩৮+২৫; ৪৯+২৮; ৩২৪+২৯; ৫৭৮ + ৭৯ ।
৭ম উদাহৰণ
২৯+৩৯= কিমান?
৩০+৪০=৭০; ৭০-২=৬৮ ।
প্ৰশ্ন—কিমান হয় কোৱাঁ :—
১৯+২৯; ২৯+৩৯; ৩৯+৪৮; ৫৮+৯৯ ।
৮ম উদাহৰণ
১ৰ পৰা ১০ লৈকে যোগ কৰাঁ :—
নিয়ম :—শেষৰ সংখ্যাটোৰে তাৰ পাছৰ সংখ্যাক পূৰণ কৰি আধা লব লাগে।
ওপৰৰ প্ৰশ্নৰ শেষৰ সংখ্যা ১০; তাৰ পাছৰ সংখ্যা ১১ এতেকে ১১ × ১০ = ১১০, ১১০ ÷ ২ = ৫৫।
প্ৰশ্ন—কিমান হয় কোৱাঁ :—
১। ১+২+৩...... ১২ লৈকে কিমান ?
২। ১+২...... ১৫ ” ” ?
৩। ১+২...... ২০ ” ” ?
৪। ১+২...... ৪০ ” ” ?