এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
অতিৰিক্ত প্ৰশ্ন
৭। এমোন চাউলৰ দাম ৩৸ অনা হলে ৴১। পোৱাৰ দাম কিমান?
৮। এটা কামিজৰ দাম ৸৹ অনা হলে ৪৫ টাৰ দাম কিমান?
৯। ১০ সেৰ গাখীৰত পানী মিহলাই ২½ পইচা সেৰে লাভ ধৰি বেচি ॥৵৹ অনা লাভ পালে। গাখীৰত কিমান পানী মিহলি কৰিছিল?
১০। যোগ কৰাঁ :— ⋅০৫, ⋅০০৫, ৫, ⋅৫ = কিমান?
⸻
অতিৰিক্ত প্ৰশ্ন
( ১ )
১৯৩২ (এম, ই,)
১। এখন পাটীগণিতৰ বেচ ১৸৵৹ অনা হলে, ৬৪ খনৰ বেচ কিমান?
২। বছৰেকীয়া আয় ৫৪০৲ টকা হলে, ১৮ দিনৰ আয় কিমান?
৩। ৯৯৯ × ১২৫ = কিমান?
৪। একতোলা সোণৰ দাম ২১৲ টকা হলে,॥৶৹ অনা সোণৰ দাম কিমান?
৫। ৩৴ মোন মৰাপাটৰ বেচ ১৬৸৹ অনা হলে ৴৩ সেৰৰ বেচ কিমান?