সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ডিব্ৰুগড় নিম্ন প্ৰাইমাৰী বৃত্তি পৰীক্ষাৰ প্ৰশ্ন

(১) ১৯২১ চন

 ১। এমোনৰ দাম ১।৹ পাঁচ মহা হলে, ১০০ মোনৰ দাম কিমান?

 ২। প্ৰত্যেক লৰাক ৶১৫ গণ্ডাকৈ দিবলৈ হলে, ১৫৸৶৹ অনাৰে কিমান লৰাক দিবলৈ জুৰিব?

 ৩। গাখীৰৰ সেৰে ৷৹ অনা হলে ৪৴ মোন গাখীৰ কিনি তাত কিমান পানী মিহলি কৰি, কিনা দামত বেচিলে ১৸৵৹ অনা লাভ থাকিব?

 ৪। এমোনৰ দাম ৩৶৹ হলে, ৴২॥ সেৰৰ দাম কিমান?

 ৫। ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ৩৬০ মাইল, প্ৰত্যেক মাইলত ৻৭॥ পইচাকৈ দিবলৈ হলে, এটা টিকিট কিনিবলৈ কিমান ধন লাগিব?

 ৬। শতকৰা মাহে ৩৵৹ অনা, ৪৹৲ টকাৰ ৮ মাহৰ সুত কিমান?

(২) ১৯২৩ চন

 ১। ৪টা কঁঠালৰ দাম ॥৴৹ অনা হলে, ২৪ টাৰ দাম কিমান?

 ২। এসেৰ বস্তুৰ দাম ৵৬ পাই হলে, ১৴৫ সেৰৰ দাম কিমান?